শিৱসাগৰ, 28 জুনঃ শিৱসাগৰ নগৰত একেদিনাই দুটা কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ এগৰাকী মহিলা আৰু এজন লোকৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিছতে প্ৰশাসনে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷
শিৱসাগৰ চহৰৰ ১৪ নং ৱাৰ্ড ৰ গোহাঁই চুকত এগৰাকী মহিলাৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছিল ৷ আক্ৰান্ত লোক গৰাকীৰ নাম সূৰ্যলতা গগৈ ৷ ৫৮ বছৰীয়া মহিলা গৰাকী দিল্লীত পুতেকৰ সৈতে একেলগে আছিল । তেখেত দিল্লীৰ পৰা ওভতি অহাৰ পিচত ঘৰতেই কোৱাৰাণ্টাইন হৈ থকাৰ ব্যৱস্থা কৰি দিছিল প্ৰশাসনে । ইতিমধ্যে প্ৰশাসনে উক্ত এলেকাটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে ৷
আনহাতে শনিবাৰে গুৱাহাটীৰ পৰা শিৱসাগৰত আহি উপস্থিত হয় ৷ স্বাস্থ্য বিভাগে প্ৰদীপ কাকতি(৫৮)ৰ স্বাৱ পৰীক্ষাৰ অন্তত কোভিড পজিটিভ হোৱা বুলি ৰিপৰ্ট লাভ কৰে ৷ আক্ৰান্ত লোক জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰশাসনে ৷ লোক জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাত ইতিমধ্যে চহৰ খনৰ 8 নং ওৱাৰ্ডৰ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক- বিটিচিত বিপিএফে চৰকাৰ গঠন কৰাটো নিশ্চিতঃ হাগ্ৰামা মহিলাৰী