ETV Bharat / city

খালী বস্তাৰে মথাউৰি বন্ধা জলসম্পদ বিভাগৰ 6 বিষয়া-কৰ্মচাৰীক নিলম্বন

author img

By

Published : Sep 8, 2022, 6:38 PM IST

Updated : Sep 8, 2022, 8:29 PM IST

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত কামত গাফিলতি আৰু অৱহেলাৰ বাবে ডিমৌ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তাকে ধৰি মুঠ ৬ জনক নিলম্বন (Employees of water resource department suspended ) ৷ ডিমৌৰ লাইবিলত মথাউৰি মেৰামতিৰ কামত বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰোৱাৰ ভিডিঅ’ বৈদ্যুতিন মাধ্যমত প্ৰচাৰ হোৱাত মন্ত্ৰী হাজৰিকাই তদন্ত কৰি ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল বিভাগক (Govt employee suspended for negligence in work) ৷

employees of water resource department suspended

শিৱসাগৰ, 8 ছেপ্টেম্বৰ: শেহতীয়াকৈ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌৰ লাইবিলত মথাউৰি মেৰামতিৰ কামত গাফিলতিৰ অভিযোগত নিলম্বন বিভাগৰ 6 গৰাকী বিষয়া-কৰ্মচাৰীক (Govt employee suspended for negligence in work)৷ বালিৰ বেগৰ ভিতৰত সামান্য বালি আৰু তাৰ মাজত আন খালী বেগ ভৰাই কাম কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে বৈদ্যুতিন মাধ্যমৰ জড়িয়তে ইয়াৰ ভিডিঅ’ প্ৰচাৰ হৈছিল (Poor work in embankment construction) ৷

এই ভিডিঅ’ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ দৃষ্টি গোচৰ হোৱাত মন্ত্ৰী গৰাকীয়ে শীঘ্ৰে এই সম্পৰ্কত তদন্ত কৰি অভিযুক্ত অভিযন্তা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা ল’বলৈ বিভাগীয় মুৰব্বী বিষয়াক নিৰ্দেশনা প্ৰদান কৰিছিল ৷ মন্ত্ৰী গৰাকীৰ নিৰ্দেশত বিভাগে প্ৰাথমিক অনুসন্ধানৰ অন্তত ডিমৌ জলসম্পদ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোহাঁই আৰু শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা তৰুণ সোণোৱালক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে (Employees of water resource department suspended) ৷

আনহাতে, বিভাগীয় এক নিৰ্দেশ অনুসৰি শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ উপ অভিযন্তা থানুৰাম বৰগোহাঁই, শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়া, খালাচীদ্বয় ক্ৰমে অতুল গগৈ আৰু মানিক কোঁৱৰক কামত গাফিলতি আৰু অৱহেলাৰ অভিযোগত নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

চৰকাৰী নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি মথাউৰিৰ মেৰামতিৰ কামত এনেদৰে গাফিলতিৰ অভিযোগে চাকৰি বিধি ভংগ কৰাৰ লগতে বিভাগৰ ভাৱমূৰ্তি সমাজৰ ওচৰত হেয় কৰাত এই কামৰ তদাৰকত থকা অভিযন্তা আৰু কৰ্মচাৰীসকলক নিলম্বিত কৰা হৈছে ৷ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল এই নিম্নমানৰ কামৰ বাতৰি ৷

লগতে পঢ়ক: সৃষ্টিশীল চৰকাৰ: এইবাৰ বিদ্যালয়ক লৈ নতুন সৃষ্টি

Last Updated : Sep 8, 2022, 8:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.