শিৱসাগৰ, 25 জুনঃ শিৱসাগৰ নগৰৰ বহুকেইটা পথ SOPD-G শিতানত নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছিল ৰাজ্যিক গড়কাপ্তানি পথ সংমণ্ডল আৰু পৌৰসভাই । ইয়াৰে বহুকেইটা পথৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে যদিও কেইবাটাও পথৰ কাম এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে । ঠিকাদাৰৰ মইমতালি আৰু গাফিলতিৰ বাবে অসম্পূৰ্ণ হৈ ৰোৱা পথ কেইটাৰ বাবে যমৰ যাতনা ভূগিছে ৰাইজে । আনহাতে ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে গড়কাপ্তানি বিভাগে ৷ প্ৰায় এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল শিৱসাগৰ নগৰৰ কেপি চাৰিআলি হৈ ফুকন নগৰ পথটো ৷ কিন্তু আধা কাম সম্পন্ন কৰিয়ে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ প্ৰশান্ত গায়নৰ বিৰুদ্ধে ।
বিগত বছৰৰ ডিচেম্বৰ মাহতে পথ নিৰ্মাণ কৰাৰ অৰ্থে খান্দি দিয়া পথটো ছমাহ উকলি যোৱাৰ পাছতো নিৰ্মাণ নকৰাত জীয়াতু ভুগিব লগা হৈছে স্থানীয় ৰাইজে । সেইদৰে প্ৰায় ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লোৱা কালীবাৰী পথৰো অনুৰূপ অৱস্থা । ঠিকাদাৰ উজ্বল বৰুৱাই মাহ মাহ ধৰি পেলাই ৰখা পথটোৰ বাবে সমস্যাত ভূগিব লগা হৈছে স্থানীয় ৰাইজ । এই পথ নিৰ্মাণৰ বাবে অনা নিম্নমানৰ পেভাৰ ব্লক ৰাইজৰ প্ৰতিবাদত অৱশেষত উঠাই নিবলৈ বাধ্য হয় ঠিকাদাৰে । এই বিষয়ে অৱগত হৈয়ো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সাধাৰণ জনতাই ৷
লগতে পঢ়কঃ দিখৌত উদ্ধাৰ অচিনাক্ত মৃতদেহ