ETV Bharat / city

শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰালৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা - Sivasagar teacher Brajen Bora

শিক্ষাখণ্ডলৈ অনবদ্য অৱদান আগবঢ়াই অহা শিক্ষকসকলক ৰাজ্য চৰকাৰে প্ৰতিবছৰে ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰি আহিছে । 2021 বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰাক ৷

sivasagar-teacher-brajen-bora-nominated-for-state-teachers-award-2021
শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰাক ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান
author img

By

Published : Sep 4, 2021, 2:02 PM IST

শিৱসাগৰ, 4 ছেপ্তেম্বৰ : লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাক 2021 বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । 1964 চনত জন্মগ্ৰহণ কৰা অসমীয়াত স্নাতকোত্তৰ ব্ৰজেন বৰা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সহ-শিক্ষক ।

1985 চনৰ পৰা শিক্ষকতাৰ সৈতে জড়িত বৰাই 1991 চনত প্ৰাদেশীকৰণ হোৱা লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে 2003 চনৰ পৰা সেৱা আগবঢ়াই আহিছে । এগৰাকী জনপ্ৰিয় কুইজ মাষ্টাৰ হিচাপে পৰিচিত ব্ৰজেন বৰাই ইয়াৰ পূৰ্বে 2010 চনত শিৱসাগৰ জিলাৰ কৃতি শিক্ষক হিচাপে সন্মানিত হৈছিল ।

শিৱসাগৰৰ শিক্ষক ব্ৰজেন বৰাক ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান

এক নান্দনিক পৰিৱেশ গঢ়ি তুলি বিদ্যালয়খনক এখন আদৰ্শ শিক্ষানুষ্ঠানত পৰিগণিত কৰা লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ে ব্ৰজেন বৰাৰ নেতৃত্বতে 2005 চনত সৰ্বশিক্ষা অভিযানৰ দ্বাৰা স্মাৰ্ট স্কুল, 2011 চনত শ্ৰেষ্ঠ বিদ্যালয় বঁটা আৰু 2016 চনত স্বচ্ছ ভাৰত স্বচ্ছ বিদ্যালয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

শেহতীয়াকৈ WWF ৰ দ্বাৰা শ্ৰেষ্ঠ প্ৰধান শিক্ষক আৰু শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মানো লাভ কৰিছে ব্ৰজেন বৰা আৰু লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ে । উল্লেখযোগ্য যে, শিক্ষাৰ পৰা বঞ্চিত, উপেক্ষিত শিশুসকলৰ বাবে কাম কৰি ভাল পোৱা ব্ৰজেন বৰাই টাটা ইনষ্টিটিউছন অৱ ছ’চিয়েল চায়েন্সৰ পৰা মেণ্টৰ হিচাপেও প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে । ব্ৰজেন বৰাক এই বঁটা প্ৰদান কৰাক লৈ উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ শৈক্ষিক আৰু বৌদ্ধিক মহল ।

লগতে পঢ়ক : প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে সৰৱ থাওৰা ব্লক কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.