ETV Bharat / city

আৰম্ভ হ'ল শিৱসাগৰ গ্ৰন্থ উৎসৱ, 2019

গ্ৰন্থপ্ৰেমীৰে ভৰি পৰিছে শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰ ৷ প্ৰসিদ্ধ সাহিত্যিক ড' আনন্দ বৰমুদৈয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিলে গ্ৰন্থ উৎসৱৰ ৷

author img

By

Published : Nov 2, 2019, 10:07 PM IST

আৰম্ভ হ'ল শিৱসাগৰ গ্ৰন্থ উৎসৱ, 2019

শিৱসাগৰ, 2 নৱেম্বৰ: শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান'খোজ'ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শনিবাৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ বৰ্ডিং খেলপথাৰত আৰম্ভ হ'ল ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱ ৷ ড' নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উৎসৱৰ শনিবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড' আনন্দ বৰমুদৈয়ে ৷

গ্ৰন্থ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত জিলাখনৰ সমাজ জীৱনলৈ বিশেষ সেৱা আগবঢ়োৱা শিক্ষাবিদ সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞা, সাংস্কৃতিক তথা উদ্যোগী ব্যক্তি লীলাকান্ত মহন্ত, প্ৰবীন শিল্পী মাখন বৰাৰ লগতে প্ৰাক্তন অধ্যাপক ড' আনন্দ বৰমুদৈকো বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ পুৱাই "খোজ"ৰ সভাপতি ৰোহিনী গগৈয়ে পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ কৰা এই গ্ৰন্থ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়া, পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা খোজৰ উপদেষ্টা প্ৰকাশ কটকীকে আদি কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

প্ৰসিদ্ধ সাহিত্যিক ড' আনন্দ বৰমুদৈয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিলে গ্ৰন্থ উৎসৱৰ

Intro:Body:*আজিৰ পৰা আৰম্ভ হল শিৱসাগৰ গ্ৰন্থ উৎসৱ--গ্ৰন্থ উৎসৱৰ আনুষ্ঠানিক উদ্ধোধন কৰে ড° আনন্দ বৰমুদৈয়ে*
Story--SIVASAGAR_BOOKFAIR
Ananta Smith
Sivasagar
02nd November

# শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান'খোজ'ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শণিবাৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হল ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱ ২০১৯ ।

#শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ ড° নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য ক্ষেত্ৰত আয়োজিত ষষ্ঠ শিৱসাগৰ গ্ৰন্থ উৎসৱৰ আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড° আনন্দ বৰমুদৈয়ে ।

#উদ্ধোধনী অনুষ্ঠানতে সমাজ জীৱনলৈ বিশেষ সেৱা আগবঢ়োৱা শিক্ষাবিদ সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞা, সাংস্কৃতিক তথা উদ্যোগী ব্যক্তি লীলাকান্ত মহন্ত, প্ৰবীন শিল্পী মাখন বৰা আৰু প্ৰাক্তন অধ্যাপক ড° আনন্দ বৰমুদৈকে ধৰি চাৰিগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয় ।

#পুৱা "খোজ"ৰ সভাপতি ৰোহিনী গগৈয়ে পতাকা উত্তোলন কৰা গ্ৰন্থ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত শিৱসাগৰৰ জিলা উপায়ুক্ত ডা: এম এছ লক্ষ্মীপ্ৰিয়া, পৌৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা খোজৰ উপদেষ্টা প্ৰকাশ কটকীকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Bite-উদ্যোক্তাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.