ETV Bharat / city

ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

author img

By

Published : Jul 25, 2020, 5:58 PM IST

আহোম ৰাজত্ব কালত স্থাপন কৰা তৃতীয়খন ৰাজধানী ৰংপুৰৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ৷ স্বৰ্গদেউ ৰুদ্ৰ সিংহই সপ্তদশ শতিকাত এই ৰাজধানী স্থাপন কৰিছিল ৷

আহোম ৰাজত্ব কালত স্থাপন কৰা তৃতীয়খন ৰাজধানী ৰংপুৰ
ৰংঘৰৰ বাকৰি

শিৱসাগৰ, 25 জুলাই : ৰংপুৰ । আহোম ৰাজত্ব কালত স্থাপন কৰা তৃতীয়খন ৰাজধানী । স্বৰ্গদেউ ৰুদ্ৰ সিংহই সপ্তদশ শতিকাত এই ৰাজধানী স্থাপন কৰিছিল যদিও এই ৰাজধানী শাসন পৰিচালনাৰ ওপৰিও আন এক গুৰুত্বপূৰ্ণ দিশ পৰিচালনা কৰিছিল । সেইয়া আছিল জাতি গঠনৰ প্ৰক্ৰিয়া । ৰংপুৰ নগৰে ৰাজকীয় পৃষ্ঠপোষকতাত অসমৰ ভৌগোলিক অৱয়বৰ মাজত থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহ একত্ৰ কৰি বৃহৎ অসমীয়া জাতি গঠনৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । ৰংপুৰত ৰাজধানী থকাৰ দিনতে আহোম যুগৰ শিল্প-ভাস্কৰ্য-প্ৰযুক্তিবিদ্যাই সৰ্বোচ্চ সীমাত উপনীত হৈছিল ।

আহোম ৰাজত্বৰ শ্ৰেষ্ঠ স্বৰ্গদেউ ৰুদ্ৰ সিংহই সপ্তদশ শতিকাৰ শেষত আৰু অষ্টাদশ শতিকাৰ আৰম্ভণিতে গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল । যদিও ৰাজধানী ৰংপুৰলৈ তুলি অনা হ'ল তথাপিও ৰংপুৰ নগৰে সামৰিক আৰু প্ৰশাসনিক দিশতকৈ সাংস্কৃতিক দিশত বেছি প্ৰাধান্য পালে । ৰংপুৰত ৰাজধানী স্থাপনৰ পাছৰে পৰা বৃহৎ অসমীয়া জাতি গঠনৰ যি বাস্তৱিক প্ৰক্ৰিয়া সেইয়া আৰম্ভ হ'ল । স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি সমূহৰ বিনিময় আৰম্ভ হ'ল । বহুৰঙী অসমীয়া জাতি গঠনৰ আৰম্ভণি হ'ল । ৰংপুৰ ৰাজধানীৰ মাজেৰে প্ৰকট আৰু প্ৰকাশিত হ'ল আহোম যুগৰ শিল্প-ভাস্কৰ্যৰ নমুনা । ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, ৰংগনাথ মন্দিৰ, ফাকুৱা দৌল, ঘণশ্যাম দৌল, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী আদি উন্নত আৰু উচ্চ নিৰ্মাণ শৈলীসমূহৰ নিদৰ্শন দেখিবলৈ পোৱা যায় ।

ৰংপুৰত ৰাজধানী স্থাপন কৰাৰ পাছৰে পৰা অসমৰ সাংস্কৃতিক উপাদানসমূহে এক নতুন মাত্ৰা লাভ কৰিছিল । ৰংঘৰ হৈ পৰিছিল এই জাতি-জনগোষ্ঠীয় সংস্কৃতিসমূহৰ সমন্বয় ক্ষেত্ৰ । স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত বিহুৱে ৰাজকীয় মৰ্যাদা পাইছিল । এছিয়াৰ প্ৰথমটো এম্ফী থিয়েটাৰ ৰংঘৰৰ বাকৰিত বৃহৎ অসমৰ সংস্কৃতিসমূহে আদান-প্ৰদানৰ এক সুবিধা পাইছিল । পৰম্পৰাগত অসমীয়া খেল-ধেমালি সমূহে স্বীকৃতি পাই এটা পদূলিৰ পৰা আন এক পদূলিলৈ বাট বুলিছিল । ভাৰতৰ বাহিৰৰ সংস্কৃতিৰ আমদানি হৈছিল । বাহিৰৰ কলা-কুশলীয়ে স্থানীয় শৈলীৰ লগত আমদানিৰ সংমিশ্ৰণ ঘটাইছিল । ভাস্কৰ্য সমূহে নতুন মাত্ৰা পাইছিল । শংকৰদেৱৰ ভাওনা, শংকৰী সাহিত্য আদিয়ে চৰ্চা আৰু উত্তৰণৰ এক পৰিৱেশ পাইছিল । ৰংপুৰ কেৱল ৰঙ-ৰসৰ কেন্দ্ৰ নহয়, হৈ পৰিছিল সাংস্কৃতিক আদান-প্ৰদানৰ এক মিলন তীৰ্থ ।

এসময়ৰ সংস্কৃতিৰ পীঠভূমি ৰংপুৰ আজি অৱশিষ্টৰ মাজত ইউৰোপৰ নেপোলিয়নৰ ওপৰত ১০ হাজাৰৰো অধিক গ্ৰন্থ ৰচনা হৈছে । অসমীয়া জাতি, সংস্কৃতি আদিৰ গঠন প্ৰক্ৰিয়াত আধাৰ ৰচনা কৰা স্বৰ্গদেউ ৰুদ্ৰ সিংহক অসমৰ নেপোলিয়ন ৰূপে জনা যায় । কিন্তু সেই স্বৰ্গদেউজনৰ লগতে আজিৰ অৱশিষ্ট ৰংপুৰক লৈ কোনো প্ৰণালীবদ্ধ গৱেষণা নাই । এতিয়াও ৰংঘৰে যুঁজিছে এছিয়াৰ প্ৰথমটো এম্ফী থিয়েটাৰৰ স্বীকৃতিৰ বাবে । ৰংপুৰৰ তলাতল ঘৰৰ পৰা গড়গাঁও কাৰেং ঘৰলৈ থকা মাটিৰ তলৰ সুৰংগ আজিও অনাৱিষ্কৃত । মুঠৰ ওপৰত ৰংপুৰ আজিও মূল্যায়ণৰ বাহিৰত ।

ৰংপুৰ

লগতে পঢ়ক : জাতিৰ ঐতিহ্যৰ অলংকাৰেৰে পৰিপূৰ্ণ আহোমৰ ৰাজধানী গড়গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.