ETV Bharat / city

‘‘ৰাজ্যৰ অন্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ দৰে অ’এনজিচিও এতিয়া ধ্বংসৰ দিশে’’ - ONGC

অ’এনজিচিৰ গেলেকী তৈলক্ষেত্ৰখন বিদেশী কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সদস্যসকল ৷ প্ৰচুৰ তেলৰ ভাণ্ডাৰ মজুত থকা তৈলক্ষেত্ৰ খন কোম্পানীৰ নামত হস্তান্তৰ কৰিলে অসমৰ পৰা অ’এনজিচিৰ অস্তিত্ব নাইকিয়া হৈ পৰিব বুলি দাবী প্ৰতিবাদকাৰীৰ ৷

etv bharat
author img

By

Published : May 21, 2019, 7:26 PM IST

শিৱসাগৰ, 21 মে': ‘‘ভাৰত চৰকাৰৰ হেঁচাত পৰি অ’এনজিচি কৰ্তৃপক্ষই গেলেকী তৈলক্ষেত্ৰখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গেলেকীত এতিয়াও প্ৰচুৰ তেলৰ ভাণ্ডাৰ আছে ৷ তৈলক্ষেত্ৰখনত বহু বছৰলৈ তেল উৎপাদন কৰিব পৰাকৈ প্ৰচুৰ তেল মজুত আছে ৷ অসম সম্পদৰ আটাইতকৈ লাভজনক তথা উৎপাদনশীল যিখন তৈলক্ষেত্ৰ সেইখনেই যদি ব্যক্তিগত খণ্ডক গতাই দিয়ে অসমৰ সম্পদৰ প্ৰায় 50/60 শতাংশ কামকাজ সংকুচিত হৈ আহিব আৰু ইয়াৰ পৰিণতিত লাহে লাহে অসমত অ’এনজিচি বন্ধ হৈ পৰিব ৷’’ মংগলবাৰে শিৱসাগৰত অ’এনজিচিৰ গেলেকী তৈলক্ষেত্ৰখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সদস্যসকলে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত এই মন্তব্য কৰে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সভাপতি সঞ্জীৱ বৰুৱাই ৷

অ’এনজিচি এতিয়া ধ্বংসৰ দিশে

তেওঁ লগতে কয় যে, সাম্প্ৰতিক সময়ত অসমৰ ৰাজহুৱা খণ্ডৰ আন আন প্ৰতিষ্ঠানসমূহৰ দৰে অসমত অ’এনজিচিয়ো ধ্বংসৰ মুখলৈ গতি কৰিছে ৷ সেয়ে হ’লে শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ অসমৰ আৰ্থ সামাজিক ব্যৱস্থাত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিব ৷

উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে অতি সংগোপনে তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে বিগত সময়চোৱাও সংগঠনে নানা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ উল্লেখ্য যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কিন্তু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গতাই দিয়া নহ’ব বুলি দাবী কৰে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনে ৷

*শিৱসাগৰত অএনজিচি কৰ্মচাৰী সন্থাৰ অন্নশন কাৰ্যসূচী-গেলেকী তৈলক্ষেত্ৰ নিলামৰ বিৰুদ্ধে প্ৰতিবাদ*
Story-GRLEKY_OILFIELD
Ananta Smith
Sivasagar
21st May

A_SVR_21ST_MAY_807-808_GELEKY_OILFIELD_723499

পুনৰ প্ৰতিবাদত নামিল ONGC ৰ পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ সদস্য সকল৷   উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত  বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পিট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অএনজিচিৰ কাম কাজ সংকুচিত হৈ পৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক ব্যৱস্হাত ব্যাপক প্ৰভাৱ পৰিব৷ যাৰ কাৰণে অএনজিচি পূৰ্বাঞ্চল এচোচিয়েচনৰ সদস্য সকল উদ্বিগ্ন হৈ পৰিছে৷ আজি এচোচিয়েচনৰ বিষয়ববীয়া তথা ONGC কৰ্মচাৰী সকলে শিৱসাগৰত ইয়াৰ প্ৰতিবাদত এক অন্নশন কাৰ্যসূচী হাতত লয় ৷ অএনজিচিৰ অসম সম্পদৰ মুঠ উৎপাদনৰ ৫০% খাৰুতেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ কিন্তু কনো কাৰনতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া নহব বুলি দাবী তোলে পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচনৰ বিষয়ববীয়া সকলে৷বিগত দিনত এই হস্তান্তৰ বাতিলৰ দাবীত ONGC কৰ্মচাৰী সকলে নাজিৰা আৰু শিৱসাগৰ ONGCৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

Bite- সঞ্জীৱ বৰুৱা( সভাপতি, পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচন)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.