আমগুৰি, ১৯ আগষ্ট: নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবী আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে ইআইএ ড্ৰাফ্ট ২০২০ গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আছু, আহোম সেনাৰ সহযোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনকেইটাই ৷
ভাৰত চৰকাৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাত অসম উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰে জাতীয় সংগঠন কেইটাই ৷ অসম চৰকাৰ হায় হায়,জাতিদ্ৰোহী গ' বেক,দিল্লী দিছপুৰ হুছিয়াৰ,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক শ্ল'গানেৰে জাতীয় সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ