ETV Bharat / city

শিৱসাগৰৰ উপায়ুক্তৰ সৈতে কণী যুঁজ প্ৰতিযোগিতাত ড৹ ননীগোপাল মহন্ত

বৃহস্পতিবাৰে শিৱসাগৰত আয়োজন কৰা হয় সদৌ অসম ভিত্তিত প্ৰাইজমানি কণী যুঁজ প্ৰতিযোগিতা(Prize money egg fight competition in Sivasagar) । এই অনুষ্ঠানতে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তৰ মাজত অনুষ্ঠিত হয় কণী যুঁজ প্ৰতিযোগিতা।

author img

By

Published : Apr 14, 2022, 10:23 PM IST

Prize money egg fight competition in Sivasagar
শিৱসাগৰৰ উপায়ুক্তৰ সৈতে কণী যুঁজ প্ৰতিযোগিতাত ড৹ ননীগোপাল মহন্ত

শিৱসাগৰ, 14 এপ্ৰিল : গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমানি কণী যুঁজ প্ৰতিযোগিতা আয়োজন কৰা হয়(Prize money egg fight competition in Sivasagar) । উল্লেখ্য যে, অসমৰ জাতীয় জীৱনত গৰুৰ বিহু দিনা পৰম্পৰাগত (Goru Bihu tradition ) খেল-ধেমালিৰ লগতে কণী যুঁজ অনুষ্ঠিত হৈ আহিছিল যদিও বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত বিলুপ্ত প্ৰায় হৈছে এই কণী যুঁজ ।

অসমৰ পৰম্পৰাক উজ্জীৱিত ৰখাৰ স্বাৰ্থত ঐক্যৰ উদ্যোগত বিগত কেইবাবছৰ ধৰি অনুষ্ঠিত কৰি অহা হৈছে এই পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগিতা । এই কণী যুঁজ প্ৰতিযোগিতাখন উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহালে । প্ৰথম উদ্বোধনী কণী যুঁজখেলখন শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তৰ মাজত অনুষ্ঠিত হয় ।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি 'ঐক্য' নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় । অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব প্ৰশান্ত প্ৰতিম কটকটীয়া ৷

লগতে পঢ়ক : মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.