ETV Bharat / city

শিৱসাগৰত ক’ভিড সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল সম্বোধন

author img

By

Published : May 11, 2021, 10:13 PM IST

শিৱসাগৰ জিলাৰ ক’ভিড-19 ৰ পৰিস্থিতি সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদমেল সম্বোধন ৷ জিলাখনত পৰ্যাপ্ত পৰিমাণৰ বিচনা আৰু অক্সিজেন সুবিধা লাভ কৰা বুলি মন্তব্য কৰে জিলা উপায়ুক্ত বিষ্ণুকমল বৰাই ৷

শিৱসাগৰক ক’ভিড সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল

শিৱসাগৰ,11 মে': শিৱসাগৰ জিলাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে হাতত লোৱা ব্যৱস্থাসমূহৰ লগতে আন আন যাৱতীয় প্ৰস্তুতিসমূহ মঙলবাৰে এক সংবাদমেল যোগে ঘোষণা কৰে জিলা উপায়ুক্ত বিষ্ণুকমল বৰাই । জিলাখনত ক’ভিডত আক্ৰান্ত ৰোগীৰ বাবে বৰ্তমান ৩১২ খন বিচনা বিভিন্ন চিকিৎসালয়ত সাজু কৰা হৈছে বুলি জানিব দিয়ে ।

ইয়াৰে শিৱসাগৰ অসামৰিক চিকিৎসায়ত ১৩০ খন, ডিমৌ চক্ৰত ১২ খন, আমগুৰি চক্ৰত ২২ খন, অ’এনজিচি চিকিৎসালয়ত ৩০ খন, লিগিৰী পুখুৰীত ২০ খন আৰু ডিমৌ পলিটেকনিক বিদ্যালয়ত ৮০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । জিলাখনৰ ক’ভিড-19 ত আক্ৰান্ত লোক সকলক অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা বিষয়টো জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰি বৰ্তমান বি টাইপ অক্সিজেন চিলিণ্ডাৰ ১৮০ আৰু ডি টাইপ ৪০ টা মজুত আছে বুলি জানিব দিয়ে । সেইদৰে অক্সিজেন পাইপ থকা বিচনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৩০ খন, চ্যুকাফা চিকিৎসালয়ত ১৮ খন আৰু অ’এনজিচি চিকিৎসালয়ত ৭ খন আছে বুলি সদৰী কৰে ৷

শিৱসাগৰত ক’ভিড সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল সম্বোধন

অক্সিজেন প্ৰদানৰ বাবে দৰকাৰী ৰেগুলেটৰৰ ব্যৱস্থা প্ৰশাসনে কৰা বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । এক মাৰ্চৰ পৰা জিলাখনত মুঠ ১,৪৩০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৭৭ গৰাকী । ইয়াৰে ৫৭৩ গৰাকী হোম আইছ’লেচনত আছে । প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত জিলাখনৰ মুঠ ৮৪,০৭৯ গৰাকী লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে । ইয়াৰে ৪৯,৭৮৮ গৰাকীক সাধাৰণ নাগৰিকে প্ৰথম পালি লোৱাৰ বিপৰীতে ১১,৪৫১ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে ।

ইতিমধ্যে ১৮৪ টা কণ্টেইনমেণ্ট জ'ন স্থাপন কৰা জিলাখনত এতিয়াও ১০৭ টা কণ্টেইনমেণ্ট জ'ন বাহাল আছে । এই কণ্টেইনমেণ্ট জ'ন সমূহৰ ১৯৬ টা পৰিয়ালক দৰকাৰী খাদ্য সামগ্ৰী প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে । কভিড-19 ত আক্ৰান্ত লোকসকলৰ অৱস্থা পৰ্যবেক্ষণৰ বাবে আশাকৰ্মী সকলক ৰোগীসকলৰ দৈনিক খবৰ লোৱাৰ এক ব্যৱস্থা কৰাৰ ওপৰিও মনোবল বৃদ্ধিৰ বাবে উপায়ুক্তকে ধৰি আন আন অতিৰিক্ত উপায়ুক্তসকলে ফোন কৰি এইসকল ৰোগীৰ খবৰ লোৱাৰ এক ব্যৱস্থা কৰিছে বুলি শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাই ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি দপ্তৰ পালে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.