ETV Bharat / city

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকান-ঘৰ - Massive fire at Sivasagar

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত দোকান-ঘৰ ৷ নগৰৰ খাটপথাৰত 5 খন দোকান আৰু 3 টা ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ।

ভস্মীভূত দোকান-ঘৰ
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Dec 5, 2020, 9:46 AM IST

শিৱসাগৰ, 5 ডিচেম্বৰ : যোৱা নিশা প্ৰায় 1.30 বজাত শিৱসাগৰ নগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নগৰৰ খাটপথাৰত 5 খন দোকান আৰু 3 টা ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । পালচাৰ 150 বাইকৰ লগতে বহু সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ গৈছে ৷ অগ্নিকাণ্ডৰ প্ৰকৃত উৎস জানিব পৰা হোৱা নাই ।

ভস্মীভূত দোকান-ঘৰ
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড

বাবা কোঁচ, মুনু কোঁচ, মনোজ কোঁচ, শংকৰ গগৈ, ৰামেশ্বৰ চেতিয়াৰ ঘৰ আৰু দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত । শংকৰ গগৈ নামৰ ব্যক্তিজন সামান্য অগ্নিদগ্ধ হোৱাৰ পাছত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি কৰা চেষ্টাৰ পাছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । কিন্তু, শিৱসাগৰ আৰক্ষী বিভাগৰ কোনো বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ভস্মীভূত দোকান-ঘৰ
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড

লগতে পঢ়ক : আজি দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হ'ব জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.