ETV Bharat / city

চলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ গ'ল তিনিজনৰ

author img

By

Published : Jul 28, 2020, 4:14 PM IST

চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিৱসাগৰ জিলাত প্ৰাণ হেৰুৱালে তিনিজন লোকে ৷ কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত সজাগতা অভিযান গ্ৰহণত ব্যৰ্থ হৈছে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগ ৷

জাপানীজ এনকেফেলাইটিছ
চলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে তিনিজনে

শিৱসাগৰ, 28 জুলাই : কৰ'ণা ভাইৰাছ আৰু বানৰ তাণ্ডৱৰ মাজতে এইবাৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ বিগত প্ৰায় 20 বছৰ ধৰি বৃহত্তৰ শিৱসাগৰ জিলাৰ বাবে ই এক ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈ আহিছে ৷ বাৰিষাৰ আগমণৰ লগে লগে জিলাখনত বৃদ্ধি পাই জাপানীজ এনকেফেলাইটিছ ৰোগৰ আতংক ৷ প্ৰতি বছৰে এই ৰোগে প্ৰাণ কাঢ়ি নিয়ে বহু লোকৰ । বৰ্তমান কৰ'ণা ভাইৰাছ মহামাৰীৰ সমান্তৰালভাৱে জিলাখনত তাণ্ডৱ অব্যাহত ৰাখিছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে ৷

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে তিনিজনে

চলিত শতিকাত শিৱসাগৰ জিলাৰ স্বাস্থ্যখণ্ডৰ বাবে সকলোতকৈ ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছিল এই ৰোগ । বাৰিষা অহাৰ লগে লগে মাইকী এনোফিলিছ মহৰ আক্ৰমণত শ শ লোক আক্ৰান্ত হোৱাৰ লগতে বহুলোক মৃত্যুমুখত পৰে ৷ 2001 চনৰ পৰা বৰ্তমানলৈ এই ৰোগত প্ৰাণ হেৰুৱাইছে হাজাৰোধিক লোকে । ৰোগৰ এনে তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 2012 চনৰ পৰা ভেকছিনৰ ব্যৱহাৰ কৰিছে যদিও এতিয়াও এই ৰোগৰ তাণ্ডৱ অন্ত পৰা নাই জিলাখনত । বিগত বছৰত জিলাখনত প্ৰায় পঞ্চাছজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছিল প্ৰায় দহ জনৰ । এই বছৰো অব্যাহত আছে ৰোগৰ সন্ত্ৰাস । এতিয়ালৈকে অবিভক্ত জিলাখনত 34 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে 15 গৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 19 গৰাকী লোক আক্ৰান্ত হৈছে এনকেফেলাইটিছ সদৃশ ৰোগত ৷ বৰ্তমান জিলাখনত মৃত্যু হৈছে 3 গৰাকী লোকৰ ৷ প্ৰায় চেপ্তেম্বৰ মাহলৈ প্ৰাৰ্দুভাৱ থাকিব পৰা এই ৰোগত আৰু বহু লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে । শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্যখণ্ড এই ৰোগত সৰ্বাধিক আক্ৰান্ত হৈছে । কেৱল গেলেকী স্বাস্থ্যখণ্ডত আক্ৰান্ত হৈছে ৮ গৰাকী লোক । আনহাতে, মৃত্যু হোৱা সকলো লোক গেলেকী স্বাস্থ্যখণ্ডৰে অন্তৰ্গত । সেইদৰে খেলুৱা স্বাস্থ্যখণ্ডত আক্ৰান্ত হৈছে 4 গৰাকী লোক । চৰাইদেউ জিলাৰ পাটসাঁকো স্বাস্থ্যখণ্ডত আক্ৰান্ত হৈছে 3 গৰাকী লোক ৷

কৰ'ণা ভাইৰাছ আৰু বানৰ তাণ্ডৱ

চলিত বছৰত ৰোগৰ এনে সন্ত্ৰাস চলিছে যদিও আগৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই জিলা স্বাস্থ্য বিভাগে । ক'ভিড-19 ৰোগৰ বাবে সৰহ সংখ্যক স্বাস্থ্যকৰ্মী নিয়োজিত হ'ব লগা হোৱাত এইবাৰ জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধত সকলো শক্তি উজাৰি দিব পৰা নাই বিভাগটোৱে । তথাপিও ম'হ নিৰ্মূলৰ বাবে ধোঁৱা প্ৰদান, ঔষধি আঁঠুৱা বিতৰণ, ৰক্ত পৰীক্ষা আদি প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে বিভাগে । কিন্তু ৰোগ প্ৰতিৰোধৰ বাবে সকলোতকৈ দৰকাৰী সজাগতা অভিযান গ্ৰহণ কৰিব পৰা নাই বিভাগটোৱে । ক'ভিড-19 ৰোগৰ সংক্ৰমণৰ বাবে প্ৰাৰ্দুভাৱ এলেকাৰ ঘৰে ঘৰে সজাগতা অভিযানো চলাব পৰা নাই স্বাস্থ্য বিভাগে ।

কৰ'ণা ভাইৰাছ আৰু বানৰ তাণ্ডৱ
জাপানীজ এনকেফেলাইটিছ

যি সময়ত ক'ভিড-19 ৰোগৰ সন্ত্ৰাসে দেশ তথা ৰাজ্যক জৰ্জৰিত কৰি তুলিছে সেই সময়ত শিৱসাগৰ জিলাত ক'ভিড-19 ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 3 জন লোকৰ । কিন্ত, এটা ৰোগৰ সন্ত্ৰাসৰ বাবে আন এটা ভয়ংকৰ ৰোগৰ চিকিৎসা প্ৰদানত পিছপৰি ৰৈছে স্বাস্থ্য বিভাগ ।

জাপানীজ এনকেফেলাইটিছ
শিৱসাগৰ স্বাস্থ্য বিভাগ

লগতে পঢ়ক : ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.