ETV Bharat / city

আলফাক ক্ষমা খুজি ভুল কৰিছে সঞ্জয় কিষাণে: মুখ্যমন্ত্ৰী - Himanta Biswa Sarma reacts

শেহতীয়াকৈ মন্ত্ৰী কিষাণে আলফা সন্দৰ্ভত মন্তব্য কৰি পাছৰ পৰ্যায়ত আলফা(স্বা)ক ৰাজহুৱাভাৱে ক্ষমা খুজিছিল ৷ তাৰ পাছতেই ৰাজ্যজুৰি এই প্ৰসংগটোৱে চৰ্চা লাভ কৰে (Sanjay Kishan apologized to Ulfa) ৷ আলফাৰ ওচৰত ক্ষমা খুজি সঞ্জয় কিষাণে সাংঘাটিক ভুল কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on Sanjay Kishan)৷

Himanta Biswa Sarma on Sanjay Kishan
Himanta Biswa Sarma on Sanjay Kishan
author img

By

Published : May 31, 2022, 8:15 PM IST

শিৱসাগৰ, 31 মে’: আলফাৰ ওচৰত ক্ষমা খুজি সঞ্জয় কিষাণে সাংঘাটিক ভুল কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on Sanjay Kishan)৷ শেহতীয়াকৈ মন্ত্ৰী কিষাণে আলফা সন্দৰ্ভত মন্তব্য কৰি পাছৰ পৰ্যায়ত আলফা(স্বা)ক ৰাজহুৱাভাৱে ক্ষমা খুজিছিল ৷ তাৰ পাছতেই ৰাজ্যজুৰি এই প্ৰসংগটোৱে চৰ্চা লাভ কৰে (Sanjay Kishan apologized to ULFA) ৷ ভাৰতৰ ৰাষ্ট্ৰীয় একতাৰ বাবে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ৷ শিৱসাগৰত এই বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত মঙলবাৰে ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে গৰীৱ কল্যাণ সন্মিলন অনুষ্ঠিত কৰা হয় (Himanta Biswa Sarma in Sivsagar)। সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে ।

আলফাক ক্ষমা খুজি ভুল কৰিছে সঞ্জয় কিষাণে : মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমৰ বাবে ৫ লাখ আবাস আৱন্টিত হোৱা বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আৰু অনুমোদন পত্ৰ প্ৰতীকীভাৱে ১০ গৰাকী হিতাধিকাৰীক প্ৰদান কৰে ।

এই আঁচনিৰ অধীনত শিৱসাগৰৰ জিলাৰ ৯,৪২৪ গৰাকী আৰু চৰাইদেউ জিলাৰ ৪,৫৯৮ জন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে ৷ প্ৰথম কিস্তিত লাভ কৰা ৩২,৫০০ টকাৰে কাকো ধাৰ নামাৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই হিতাধিকাৰী সকলক নিজৰ ভাষণত অনুৰোধ জনায় ৷ কোনো দালালক এটকাও নিদিবলৈ অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে কোনো দালালে বিজেপি চৰকাৰৰ দিনত আঁচনি দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ।

এই সভাতেই প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীৰ লগত মতবিনিময় কৰা অনুষ্ঠানত ৰাইজে ভাৰ্চুৱেল মাধ্যমত অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক সন্মান নিধিৰ ১১ নং কিস্তি মুকলি কৰি দিয়ে । সমগ্ৰ দেশৰ ১০ কোটি কৃষকক এই আঁচনিৰ ২১,০০০ কোটি টকা মুকলি কৰি দিয়া হৈছে । এই আঁচনিৰ অধীনত আজি ৰাজ্যৰ ৭ লাখ কৃষকে কৃষক সন্মান নিধিৰ ২০০০ টকাৰ অনুদান লাভ কৰিছে ৷

সন্মিলনত কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ, শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা আদিৰ লগতে চৰকাৰী জনকল্যাণ আঁচনিৰ পৰা উপকৃত হোৱা বৃহৎ সংখ্যক হিতাধিকাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : Amguri Solar Park Project: মুকলি হ’ল ৰাজ্যৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.