ETV Bharat / city

Hemchandra Barua's Birthday celebration : শিৱসাগৰত হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক ওপজা দিন উদযাপন - হেমচন্দ্ৰ বৰুৱা স্মাৰক এখন গ্ৰন্থ উন্মোচন

শুকুৰবাৰে শিৱসাগৰ জিলা সাহিত্য সভা(Initiative of Sibsagar Sahitya Sabha)আৰু জিলা বাতৰি কাকত বিতৰক সন্থাৰ যৌথ উদ্যোগত হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ 186 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হয়(186th birth anniversary of Hemchandra Barua to be held)। এই অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা উপস্থিত থাকি "অসমীয়া ভাষাৰ ওজা" নামেৰে নামাংকৃত হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তিৰ শিলান্যাস কৰে ৷

186th-birth-anniversary-of-hemchandra-barua-to-be-held-in-sivasagar
শিৱসাগৰত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ শিলা ন্যাস
author img

By

Published : Dec 11, 2021, 10:36 AM IST

শিৱসাগৰ, 11 ডিচেম্বৰ : শিৱসাগৰ জিলা সাহিত্য সভা(Initiative of Sibsagar Sahitya Sabha)আৰু জিলা বাতৰি কাকত বিতৰক সন্থাৰ উদ্যোগত শুকুৰবাৰে হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ 186 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হয়(186th birth anniversary of Hemchandra Barua to be held) ।

এই অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ পিতৃ ভিঠা আমোলাপট্টিত বৰুৱা বংশৰ উত্তৰসুৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই "অসমীয়া ভাষাৰ ওজা" নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তিৰ শিলা ন্যাস কৰে ৷ ইয়াৰ পাচতে শিৱসাগৰৰ যুৱদলত জন্ম জয়ন্তীৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে সাহিত্যিক ড৹ বসন্ত কুমাৰ গোস্বামীয়ে ৷

শিৱসাগৰত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিৰ শিলা ন্যাস

আনহাতে, এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি শিক্ষাবিদ অৰিন্দম বৰকটকীয়ে হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত বক্তৃতা আগবঢ়ায় । লগতে বৰুৱাক সংস্কাৰকামী, প্ৰগতিশীল ব্যক্তি বুলি অভিহিত কৰে শিক্ষাবিদগৰাকীয়ে ।

উদযাপন সমিতিৰ সভাপতি মনোজ বৰঠাকুৰৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে হেমচন্দ্ৰ বৰুৱা স্মাৰক এখন গ্ৰন্থ উন্মোচন কৰে ৷ এই অনুষ্ঠানত বিশিষ্ট স্তম্ভ লেখক চামছুল বাৰিক আদিকে কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হ'ব পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.