ETV Bharat / city

সঁচাকৈয়ে আলফাই মৃত্যদণ্ড বিহিলে নেকি অৰুণাভ গগৈক !

author img

By

Published : Sep 8, 2021, 10:52 AM IST

Updated : Sep 8, 2021, 11:11 AM IST

আলফা স্বাধীনৰ (ULFA)সদস্য সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক মৃত্যুদণ্ডৰ প্ৰসংগত চিন্তিত পৰিয়াল । আলফা স্বাধীনক স্পষ্ট কৰিবলৈ আহ্বান পৰিয়ালৰ ।

has-arunabha-gogoi-really-been-sentenced-to-death
সঁচাকৈয়ে মৃত্যদণ্ড দিয়া হ’ল নেকি অৰুণাভ গগৈক !

শিৱসাগৰ, 8 ছেপ্টেম্বৰ : সম্প্ৰতি ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত এটা পোষ্টক লৈ আলফা স্বাধীনৰ (ULFA) লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈৰ ঘৰত উৎকন্ঠাময় পৰিবেশৰ সৃষ্টি হৈছে ৷ ছ’চিয়েল মিডিয়াত দিয়া পোষ্ট অনুসৰি আলফা স্বাধীনৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া হৈছে ।

চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বৰহাট লাকিলী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈ ২০১৮ চনৰ ২৯ ডিচেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰিছিল । তাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ লগত সম্পৰ্ক নাই অৰুণাভৰ । শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান অৰুণাভে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰা সময়তে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল ।

ইয়াৰ পাছতে অৰুণাভক ঘৰলৈ উভতি আহিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল পৰিয়ালৰ লোকে । কিন্তু শেহতীয়াকৈ আলফা স্বাধীনৰ লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজেৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া বুলি এক খবৰ পোহৰলৈ আহিছে ।

ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰস্থিত ডাইমণ্ড কেম্পত অৰুণাভ গগৈক মৃত্যুদণ্ড দিয়া বুলি ছ’চিয়েল মিডিয়াত সম্প্ৰতি চৰ্চা চলিছে । ইয়াৰ পাছতো কিন্তু আলফা স্বাধীনৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই । যাৰ ফলত এতিয়া অধিক চিন্তিত হৈ পৰিছে অৰুণাভৰ পৰিয়াল ।

লগতে পঢ়ক : ৰাজ্যজুৰি জাতীয় গৰ্জন কাৰ্যসূচী ঘোষণা অসম জাতীয় পৰিষদৰ

Last Updated : Sep 8, 2021, 11:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.