ETV Bharat / city

ঘাট মাউৰা হোৱা চাৰি সন্তানৰ কৰুণ কাহিনী... - Amguri four children sad story

৬ বছৰ পূৰ্বেই মাতৃৰ বিয়োগৰ পাচত ১৬ দিন পূৰ্বে মৃত্যু হয় পৰিয়ালৰ মেৰুদণ্ড স্বৰূপ পিতৃৰো । ফলত এতিয়া জীয়াই থকাৰ তাড়না আৰু জীৱন যুঁজৰ চিন্তাত শংকিত হৈ পৰিছে জেষ্ঠ কন্যা প্ৰস্তুতি বৰুৱা ৷

four children's pathetic story from Amguri

author img

By

Published : Aug 31, 2020, 7:50 PM IST

আমগুৰি, 31 আগষ্ট: আমগুৰি বেলিমুখীয়া চাংমাই গাঁওৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা ৷ ৬ বছৰৰ পূৰ্বে মাতৃৰ বিয়োগৰ পাচত, ১৬ দিন পূৰ্বে মৃত্যু হয় পৰিয়ালৰ মেৰুদণ্ড স্বৰূপ পিতৃৰো । ফলত এতিয়া জীয়াই থকাৰ তাড়না আৰু জীৱন যুঁজৰ চিন্তাত শংকিত হৈ পৰিছে পৰিয়ালটোৰ জেষ্ঠ কন্যা প্ৰস্তুতি বৰুৱা ৷ পিতৃৰ শ্ৰাদ্ধতে ৰাইজে দিয়া চাউল-দাইল কেইটা খায়েই জীয়াই আছে বুলি উল্লেখ কৰি হুকহুকাই চকলো টুকিলে পৰিয়ালটোৰ এগৰাকী দুৰ্ভগীয়া কন্যাই ৷

পিতৃ-মাতৃৰ চিকিৎসাৰ বাবে সৰ্বস্বান্ত হৈ এতিয়া উৰুখা পঁজাতে জীৱন অতিবাহিত কৰিছে চাৰি সন্তানে ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আনকি শুবলৈও নাই এখন বিচনাও ৷ নাই এখনো পঢ়া টেবুলৰ লগতে নাই বহিবলৈ চকী । এতিয়া এটা কোঠাতে থকা-খোৱা, ৰন্ধা-বঢ়া সকলো কৰিবলৈ বাধ্য হৈছে চাৰি সন্তানে । আনকি একমাত্ৰ উৰুখা পঁজাৰ বেৰবোৰো চপৰা চপৰে খহিবলৈ ধৰিছে ।

ঘাট মাউৰা হোৱা চাৰি সন্তানৰ কৰুণ গাথা

উল্লেখ্য যে, আমগুৰি বেলিমুখীয়া চাংমাই গাঁওৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ জেষ্ঠ কন্যা প্ৰস্তুতি বৰুৱা আমগুৰি মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী ৷ ইয়াৰ বিপৰীতে পূৰৱী বৰুৱা নৱম শ্ৰেণী, অনামিকা বৰুৱা সপ্তম শ্ৰেণী আৰু বসন্ত বৰুৱা প্ৰথম শ্ৰেণীত অধ্যয়নত ।

ইপিনে নিঠৰুৱা সন্তান কেইটাৰ খবৰ লোৱাৰ আহৰি নাই পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া তথা জনপ্ৰতিনিধিৰ ৷ এতিয়া ঘাট মাউৰা চাৰি সন্তানে জীৱন-সংগ্ৰাম চলাই নিবলৈ হেৰুৱাই পেলাইছে দিক-বিদিক ৷ এতিয়া চৰকাৰলৈ সহায়ৰ কাতৰ আহ্বান পৰিয়ালটোৰ দুৰ্ভগীয়া কন্যাৰ ৷ ইপিনে কোনো ব্যক্তিয়ে এই দুৰ্ভগীয়া চাৰি সন্তানক সহায় কৰিব বিচাৰিলে ৯৯৫৪০১৬২৯৪ নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায় । দোষৰ কথা এইযে পৰিয়ালটোৰ কাষত নাই এটা বেংক একাউণ্টও ৷

লগতে চাওক-তৃতীয় দিনৰ বাবে চিবিআইয়ে জেৰা কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.