ETV Bharat / city

আজানপীৰ দৰগাহত ব্যাপক অনিয়ম আৰু লুণ্ঠন - আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা

চৰকাৰী ধনৰ হৰলুকিৰ অভিযোগ ৷ চি এম ভিজিলেঞ্চৰ তদন্তৰ দাবী ৷

আজানপীৰ দৰগাহ পৰিদৰ্শনৰ সময়ত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা
author img

By

Published : Oct 13, 2019, 1:41 PM IST

আমগুৰি,১৩ অক্টোবৰ: ঐতিহাসিক ধৰ্মীয় পীঠস্থান আজানপীৰ দৰগাহত যোৱা ১৫ বছৰে ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজে দৰগাহস্থলীত সুদীৰ্ঘ বছৰধৰি চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণি টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনিছে ।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দৰগাহস্থলী পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগত মতবিনিময় কৰাৰ লগতে শীঘ্ৰে তদন্তৰ দাবী জনায় । বিধায়কগৰাকীয়ে চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণিৰ টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ লগতে চি এম ভিজিলেঞ্চৰো তদন্ত বিচাৰে ৷

উল্লেখ্য যে, আজানপীৰ দৰগাহত চুৰিকাণ্ডই পাঁচদিন অতিক্ৰম কৰাৰ পাচতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ হৈছে শিৱসাগৰ জিলা প্ৰশাসন । এইক্ষেত্ৰত বিধায়ক হাজৰিকাই তাৎক্ষণিকভাৱে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি তদন্তৰ দাবী জনায় ।

আজানপীৰ দৰগাহত অনিয়ম সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক প্ৰদীপ হাজৰিকাৰ

Intro:Body:আমগুৰি ১৩ অক্টোবৰ:

ঐতিহাসিক ক্ষেত্ৰ ধৰ্মীয় পীৰস্থান আজানপীৰ দৰগাহত যোৱা ১৫ বছৰে ব্যাপক অনিয়ম আৰু লুণ্ঠন সংঘটিত হ'ল।

চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণি টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ লগতে চি এম ভিজিলেঞ্চৰ তদন্ত বিচাৰিলে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দৰগাহ স্থলী পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগত মতবিনিময় কৰাৰ লগতে শীঘ্ৰ তদন্তৰ দাবী জনায়।

আন্যহাতে ঐতিহাসিক ক্ষেত্ৰ ধৰ্মীয় পীৰস্থান আজানপীৰ দৰগাহৰ চুৰিকাণ্ডই পাঁচদিন অতিক্ৰম কৰাৰ পিছতো অপৰাধীক গ্ৰেপ্তাৰত ব্যৰ্থ শিৱসাগৰ জিলা প্ৰশাসন।

বিধায়ক হাজৰিকাই তাৎক্ষণিকভাৱে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি তদন্তৰ দাবী জনায়।

দৰগাহস্থলীত সুদীৰ্ঘ বছৰে চৰকাৰী পুঁজিৰ অপচয় আৰু দান বৰঙণি টকাৰ হৰলুকি হোৱাৰ অভিযোগ আনে স্থানীয় লোকে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.