ETV Bharat / city

অনুভূতিৰ চৌপাশেৰে শৰৎ আহিছে

author img

By

Published : Oct 9, 2020, 9:02 PM IST

Updated : Oct 9, 2020, 10:28 PM IST

শৰতৰ শাৰদীয় জোনাকত অনুভৱী হৈ পৰে সকলোৰে মন প্ৰাণ ৷ অনুভূতিৰ চৌপাশে আদৰি আনে শেৱালীৰ মিঠা সুৱাস ৷ আকাশে হাঁহে জোনাকৰ সতে সন্ধিয়াৰ আকাশৰ ন- সৌন্দৰ্যত বিলীন হৈ পৰে ঋতু ৰাণীৰ আবেগ ৷

অনুভূতিৰ চৌপাশেৰে শৰৎ আহিছে
অনুভূতিৰ চৌপাশেৰে শৰৎ আহিছে

আমগুৰি, 9 অক্টোবৰ : ধৰাৰ বুকুত ঋতুৰাণী শৰৎ ৷ শাৰদী ৰাণীৰ উন্মাদনাত জীপাল হোৱা শৰৎ ৷ শেৱালীৰ শুভ্ৰ দলিচাত হাঁহি অঁকা শৰৎ ৷ শৰতৰ আছে এক সুকীয়া মাধুৰ্য ৷ কঁহুৱাৰ কোমল গাঁথাত শাৰদীৰ অমিয়া সুৱাস ৷ শৰতৰ শাৰদীয় জোনাকত অনুভৱী হৈ পৰে সকলোৰে মন প্ৰাণ ৷ অনুভূতিৰ চৌপাশে আদৰি আনে শেৱালীৰ মিঠা সুৱাস ৷ আকাশে হাঁহে জোনাকৰ সতে সন্ধিয়াৰ আকাশৰ ন- সৌন্দৰ্যত বিলীন হৈ পৰে ঋতু ৰাণীৰ আবেগ ৷ শিৱসাগৰৰ আমগুৰিৰ শেৱালী আৰু কঁহুৱাৰ মনোমোহা দৃশ্যৰ সৌন্দৰ্য্যই আপ্লুত কৰিছে সকলোকে ।

সুধাকণ্ঠৰ গীতত কোৱাৰ দৰেই শৰত সচাকৈয়ে শাৰদী ৰাণী ৷ সদ্যস্নাতা ৰূপহী ,অস্তগামী বেলিটিক বিদায় দি সন্ধ্যাই আঁচলত বান্ধি থোৱা জাক জাক জোনাকী ৷ শীতৰ কোমলতাত জোনটিয়ে তৰাবোৰৰ সতে শৰতক আদৰে ৷ কঁহুৱাৰ আছে এক আপ্ৰাণ হেঁপাহ, শৰতৰ এক সুকীয়া আবেগ ৷ আহিনৰ নিয়ৰত প্ৰাণ পাই উঠে মৰহা শেৱালী ৷

অনুভূতিৰ চৌপাশেৰে শৰৎ আহিছে

শেৱালী যেন শৰতৰ আজন্ম প্ৰেয়সী ৷ আহিনৰ আঙুলিত ধৰি শেৱালীয়ে খোদ দিয়ে ধৰাৰ বুকুত, ডেউকাত বান্ধি আনে শীতৰ মিহি বতৰা ৷ শৰতৰ নিৰ্মল নীলা আকাশ আৰু স্নিগ্ধ জোনাকে অনেকক স্মৃতিকাতৰ কৰি তোলে ৷ অনুভৱী শৰতৰ বৰ্ণনাৰ শেষ নাই ৷ শৰতে আনে হৃদয়ৰ অনাবিল হেঁপাহ, কবিৰ মনৰ প্ৰণয়ৰ উন্মাদ উচাহ ৷

লগতে পঢ়ক:SI কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত

Last Updated : Oct 9, 2020, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.