শিৱসাগৰ, 17 নৱেম্বৰ : শিৱসাগৰৰ সুন্দৰপুৰস্থিত প্ৰজ্ঞালয় আৰু আহানা শিশু আৱাস গৃহত বুধবাৰে ৭৫তম স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱৰ অনুষ্ঠিত কৰা হয় । জিলা শিশু গোটৰ উদ্যোগত অনুষ্ঠিত উক্ত কাৰ্যসূচীত শিশুৰ 'বৌদ্ধিক অধিকাৰ আৰু পৰিপুষ্টি' শীৰ্ষক বিষয়ত আৱাসিক শিশু গৃহৰ শিশুসকলক লৈ বিভিন্ন খেলা-ধেমালিৰ লগতে পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন, দেশভক্তিমূলক গান, শিশুসকলে হাতেৰে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু দেশক জনাৰ বিষয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
প্ৰকৃত মানৱ সম্পদ গঢ় দিবলৈ হ'লে শিক্ষাৰ লগত সমান্তৰালভাৱে কলা, সংস্কৃতি আৰু খেলা-ধেমালিৰ গুৰুত্ব আছে । কিন্তু এইয়া তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া এই বিষয়ত ছাত্ৰ-ছাত্ৰী আৰু নতুন প্ৰজন্মৰ একাগ্ৰতা তথা আগ্ৰহ বাঢ়িব । লগতে চৰকাৰ তথা সচেতন নাগৰিকৰ দায়বদ্ধতা এই দিশত সমানে দৰকাৰী । এই দিশসমূহক গুৰুত্ব প্ৰদান কৰি স্বতন্ত্ৰতাৰ অমৃত মহোৎসৱ উপলক্ষে শিশু সকলৰ যত্ন আৰু সুৰক্ষাৰ ওপৰত নিৰৱিচ্ছিন্নভাৱে কাম কৰি থকা সমল ব্যক্তিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান সম্পন্ন হয় ।
এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱা, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া নুজহত নাচৰীন, শিশু কল্যাণ সমিতিৰ অধ্যক্ষা দিপালী স্বৰ্গীয়াৰী, শিশু কল্যাণ সমিতিৰ সদস্যা দিপালী ভট্টাচাৰ্য বৰুৱা, কৌমুদালয়ৰ সঞ্চালক ৰুণজুন চুতীয়াসহ দুই শিশুগৃহৰ অধীক্ষক-কৰ্মচাৰীসকলে সকলে অংশ লয় ।
লগতে পঢ়ক : গুৱাহাটীত অনুষ্ঠিত হ’ব North-East Education Conclave