শিৱসাগৰ, 30 জুলাই : লাভলিনা বৰগোঁহাইৰ সফলতাত উৎফুল্লিত ক্ৰীড়া প্ৰেমী । শুকুৰবাৰে পুৱা কোৱাৰ্টাৰ ফাইনেলত চীন টাইপেৰ এন.চি. চেনক পৰাজিত কৰাৰ পাছতে অলিম্পিকত পদক নিশ্চিত কৰিলে বক্সাৰ গৰাকীয়ে । ছেমি ফাইনেলত উপনীত হৈ অসম সন্তানগৰাকীয়ে অসমৰ লগতে ভাৰতলৈ কঢ়িয়াই আনিলে সন্মান । ৰাজ্যবাসীৰ লগতে ৰাজ্য চৰকাৰ উৎফুল্লিত হৈ পৰিছে লাভলিনাৰ সফলতাত । সকলোৱে আশা কৰিছে এটা সোণৰ পদক ।
অসমৰ আগশাৰীৰ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই এই সফলতাক চৰম প্ৰাপ্তিৰ আখ্যা দিছে। লাভলীনাৰ সফলতা অসমৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন পথ উন্মোচিত হোৱা বুলি কলে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা অসমৰ প্ৰথম অৰ্জুন বঁটাৰে সন্মানিত খেলুৱৈ গৰাকীয়ে । গুৱাহাটীত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ক্ৰীড়াবিদ গৰাকীয়ে টেলিফোনিক সাক্ষাৎকাৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।
আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৰীৰ চৰ্চাত খ্যাতি অৰ্জন কৰা মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে লাভলিনাৰ সফলতাত সন্তুষ্টি প্ৰকাশ কৰি ফাইনেলত সফল হোৱাৰ কামনা কৰে।
টকিঅ’ অলিম্পিক(Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত লাভলীনাই ভাৰতৰ বাবে আন এটা পদক নিশ্চিত কৰিছে ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷ ইয়াৰ লগে লগেই লাভলীনা হৈ পৰিল অলিম্পিকত মেডেল লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ ৷
ইয়াৰ পূৰ্বে বক্সাৰ বিজেন্দ্ৰ সিং আৰু এম চি মেৰিকমে লাভ কৰিছিল এই সন্মান ৷ স্বাভাৱিকতেই অলিম্পিকত লাভলীনাৰ এই জয়ে এতিয়া সমগ্ৰ দেশৰ ক্ৰীড়া অনুৰাগী সকলৰ লগতে অসমত ব্যাপক উচাহৰ সৃষ্টি কৰিছে ৷ শেহতীয়াকৈ এম চি মেৰীকমৰো যাত্ৰা বিফল হৈছিল ৷ ইয়াৰ পিছত এতিয়া লাভলীনাই দেশৰ বাবে আৰু অধিক সুখবৰ কঢ়িয়াই আনিব বুলিও আশা কৰিছে ভাৰতীয় বক্সিঙৰ(Indian boxing) অনুৰাগী সকলে ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ নাডিন এপেটজৰ বিৰুদ্ধে জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই ৷
লগতে পঢ়ক: Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই