ETV Bharat / city

বিজ্ঞান শাখাত অষ্টম স্থানেৰে উজ্বলিল শিৱসাগৰ নামতিৰ হিমাঞ্জলী

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ হিমাঞ্জলী বুঢ়াগোঁহাইয়ে ৷

author img

By

Published : Jun 25, 2020, 4:43 PM IST

বিজ্ঞান শাখাত অষ্টম স্থানেৰে উজ্বলিল শিৱসাগৰ নামতিৰ হিমাঞ্জলী
বিজ্ঞান শাখাত অষ্টম স্থানেৰে উজ্বলিল শিৱসাগৰ নামতিৰ হিমাঞ্জলী

আমগুৰি, 25 জুন : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত জিলিকি উঠিছে ৰাজ্যৰ প্ৰান্তীয় অঞ্চলৰ বহুকেইগৰাকী শিক্ষাৰ্থী ৷ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান কৰিবলৈ সক্ষম হোৱা এগৰাকী কৃতিমান হৈছে শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ হিমাঞ্জলী বুঢ়াগোঁহাই ৷ একেবাৰে প্ৰান্তীয় অঞ্চলৰ পৰা অহা পিতৃহাৰা হিমাঞ্জলীয়ে নিজৰ কষ্টৰ বলতেই এইদৰে ৰাজ্যৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছে ৷

শিৱসাগৰৰ পৰা আহি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল হিমাঞ্জলীয়ে ৷ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ইংৰাজী, অসমীয়া, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু অংকশাস্ত্ৰত লেটাৰ মাৰ্কসহ সৰ্বমুঠ 475 নম্বৰ লাভ কৰে হিমাঞ্জলীয়ে ৷ 95 শতাংশ নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱা হিমাঞ্জলীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা কৰিছে ৷

নামতি চাৰিআলি চেতিয়া গাঁৱৰ নিবাসী স্বৰ্গীয় কমল বুঢ়াগোঁহাই আৰু মণিমালা বুঢ়াগোঁহাইৰ জ্যেষ্ঠা কন্যা হিমাঞ্জলীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ নামতি অঞ্চল ৷ উল্লেখ্য যে, ৰামানুজন জুনিয়ৰ কলেজে ধাৰাবাহিকতা অব্যাহত ৰাখি চলিত বৰ্ষটো উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত 12গৰাকী আৰু কলা শাখাত 7গৰাকী সৰ্বমুঠ 19 গৰাকীকৈ কৃতীমানে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ কলা শাখাৰ সপ্তম স্থানত জিলিকিল ধুবুৰীৰ অৱন্তী ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.