ETV Bharat / city

অখিল গগৈৰ জামিন নাকচ, ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Mar 23, 2020, 6:06 PM IST

জামিন নাকচ কৰা হ'ল অখিল গগৈৰ ৷ আদালতৰ পৰা শিৱসাগৰ জেললৈ প্ৰেৰণ কৰা হ'ব গগৈক ৷

ন্যায়িক জিম্মালৈ প্ৰেৰণ
অখিল গগৈৰ জামিন নাকচ

শিৱসাগৰ, 23 মাৰ্চ : সোমবাৰে শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় 19 মাৰ্চৰ পৰা শিৱসাগৰ আৰক্ষীৰ জিম্মাত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক৷ উল্লেখ্য যে, যোৱা বছৰৰ 11 ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী এক গণ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল নেতাগৰাকীয়ে ৷ উক্ত কাৰ্যসূচীৰ পাছতে শিৱসাগৰ সদৰ থানাই একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে 1344/19 নং গোচৰ ৰুজু কৰিছিল ৷

অখিল গগৈৰ জামিন নাকচ

সেই গোচৰৰ ভিত্তিতে 17 মাৰ্চত শিৱসাগৰ আদালতে অখিল গগৈক গ্ৰেপ্তাৰৰ আদেশ দিয়াৰ লগতে শিৱসাগৰ আৰক্ষীক 4 দিনৰ জিম্মা মঞ্জুৰ কৰিছিল ৷ চাৰিদিনৰ অন্তত সোমবাৰে তেওঁক ন্যায়ালয়ত হাজিৰ কৰা হয় ৷ দুয়ো পক্ষৰ শুনানিৰ পাচতে ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰাৰ লগতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ৷ আদালতৰ পৰা শিৱসাগৰ জেললৈ প্ৰেৰণ কৰা হ'ব নেতাগৰাকীক ৷

ন্যায়িক জিম্মালৈ প্ৰেৰণ
অখিল গগৈৰ জামিন নাকচ

গগৈয়ে সংবাদ মাধ্যমৰ আগত তেওঁক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি অহা হৈছে বুলি চিঞৰি চিঞৰি কয় ৷ তেওঁ সকলোকে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, একে ধাৰাতে গৌৰীসাগৰ থানাতো অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে ৷ ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে গগৈৰ গ্ৰেপ্তাৰৰ আবেদন দাখিল কৰিছে যদিও আদালতে কোনো আদেশ জাৰি কৰা নাই ৷

আৰু পঢ়ক : শিৱসাগৰৰ আদালতত হাজিৰ কৰোৱা হ'ল অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.