আমগুৰি, 22 আগষ্ট : এখন ব্যতিক্ৰমী বজাৰ ৷ এই বজাৰখনত আছে কিছু বিশেষত্ব ৷ প্ৰকৃততে কি আছে এই বিশেষ বজাৰখনত ? কিহৰ বাবে ব্যতিক্ৰমী এই বজাৰ ? আচলতে এই বজাৰখনত দেখিবলৈ পাব কেৱল মহিলা বিক্ৰেতা ৷ কেৱল মাত্ৰ মহিলাসকলে পৰিচালনা কৰে বজাৰখন ৷ গৌৰীসাগৰৰ নামদাং শিলাসাঁকোৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে মহিলাৰ দ্বাৰা পৰিচালিত এই বিশেষ বজাৰখন ।
ক’ভিড অতিমাৰীৰ পৰিস্থিতিৰ সময়ত আৰ্থিকভাৱে জুৰুলা হোৱা এইসকল মহিলাই পৰিয়াল চলোৱাৰ উদ্দেশ্যৰে গ্ৰহণ কৰে এই ব্যৱস্থা । এই বজাৰখনত ঘৰতে উৎপাদিত সকলো ধৰণৰ শাক-পাচলিৰ লগতে মাছ-মাংস, দৈ, কল, কুঁহিয়াৰ, নাৰিকল আদি উপলব্ধ । এই বজাৰত পোৱা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে জৈৱিক, থলুৱা ৷
এইখন বিশেষ বজাৰে বিশেষ চৰ্চা লাভ কৰিছে । মহিলাসকলে আৰ্থিকভাৱে নিৰাপত্তা বিচাৰি হাতত দগা-পাল্লা তুলি লোৱাৰ সমান্তৰালকৈ মহিলাসকলে বিক্ৰী কৰিছে মাছ-মাংস ৷ পথচাৰীৰ বাবে এইখন বজাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
ৰাজ্যত বৃদ্ধি পোৱা ক’ভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা আংশিক লক ডাউনে ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ নমাই আনিছে গভীৰ সংকট । আংশিক লক ডাউনৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী । এনে পৰিপ্ৰেক্ষিতত বহুলোকৰ জীৱনৰ গতিপথকেই সলনি কৰিলে ক’ভিডে ৷
লক ডাউনৰ সময়চোৱাত বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে ৷ উপায়বিহীন হৈ একাংশ ব্যৱসায়ীয়ে এতিয়া পূৰ্বৰ ব্যৱসায় এৰি পদপথত শাক-পাচলি বিক্ৰী কৰিবলগীয়া অৱস্থা হৈছে । গ্ৰাহকৰ আশাত পৰ দি থকাৰ বাহিৰে উপায় নাই এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ।
লগতে পঢ়ক: ৰক্ষাবন্ধন 2021 : বলীউডৰ নৱ প্ৰজন্মৰ জনপ্ৰিয় ভাতৃ-ভগ্নী যুটি