শিলচৰ, 23 মাৰ্চ: মঙলবাৰে শিলচৰত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ৷ শিলচৰ ইণ্ডিয়া ক্লাৱৰ খেলপথাৰত শিলচৰৰ বিজেপি প্ৰাৰ্থী দীপায়ন চক্ৰৱৰ্তীৰ হৈ প্ৰচাৰ চলাব যোগী আদিত্যনাথে । ইয়াৰ পিছতে বৰখলা আৰু উধাৰবন্দ সমষ্টিত দুখনকৈ নিৰ্বাচনী সভাত অংশ ল’ব উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে ৷
উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ বহু হাই প্ৰফাইল নেতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ মঙলবাৰৰ দিনটোত যোগী আদিত্যনাথৰ উপৰিও দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও লামডিং আৰু হোজাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব ৷ ইয়াৰ মজতে ভিভান্টা তাজ হোটেলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি মুকলি কৰিলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ৷