ETV Bharat / city

Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল - দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ

দুৰ্নীতি নিবাৰক শাখাই ভিন্ন সময়ত এইদৰে ঘোচখোৰ বিষয়াক আটক বা গ্ৰেপ্তাৰ কৰি আহিছে যদিও ঘোচ খাই খাই ছাল ডাঠ হোৱা একাংশ বিষয়াই এতিয়াও কেটকুটকে কৰিব খোজা নাই (Operation against corruption)৷ তাকেই প্ৰমাণ কৰি দুৰ্নীতিৰ নিবাৰক শাখাৰ হাতত ঘোচ খাই থাকোতেই আটক হ’ল ৰেঞ্জাৰ দেৱব্ৰত গগৈ ৷ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথকো ঘোচ লৈ থাকোতেই আটক ৷

Directorate of Vigilance and Anti Corruption Assam

author img

By

Published : Aug 3, 2022, 5:00 PM IST

কৰিমগঞ্জ, 3 আগষ্ট: দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে আৰক্ষীয়ে (Assam police against corruption)। আজি কাছাৰ জিলাৰ লক্ষীপুৰৰ ৰেঞ্জাৰ দেৱব্ৰত গগৈক আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকাৰ সময়তে টকাৰ সৈতে হাতে-লোট আটক কৰে । তাকে লৈ বৰাকত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আটক কৰাৰ সময়ত ধন সহিতে পলায়নৰ চেষ্টা চলাইছিল ৰেঞ্জাৰজনে (Forest Ranger Debabrata Gogoi caught red handed) ৷ আৰক্ষীৰ দুৰ্নীতিৰ নিবাৰক শাখাই খেদি খেদি গ্ৰেপ্তাৰ কৰিলে ৰেঞ্জাৰজনক ৷

ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল

আজিৰ দিনটোতে দ্বিতীয় এটা অভিযানত কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথকো টকা ঘোচ লৈ থাকোতে দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা আটক কৰা হয় (Lat Mondal of Nagarbera Revenue Circle detained for accepting bribe) । বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ মাজত থকা দুৰ্নীতিৰ শিপা উঘালি পেলাবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ঘোচ লৈ ৰাজ্যৰ কেইবাটাও স্থানত আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ঘোচখোৰ বিষয়াদ-কৰ্মচাৰী ৷ যোৱা শুকুৰবাৰে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক (CM vigilance arrested Morigaon excise superintendent) । সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাই ।

একেদিনাই এহেজাৰ টকা উৎকোচ লৈ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত গ্ৰেপ্তাৰ হ'ল প্ৰধান শিক্ষক তথা কাৰ্যালয় সহায়ক(Teacher arrested in Dibrugarh for taking bribe) । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল মৰাণ ফটিকাছোৱা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱজ্যোতি শৰ্মাক ।

তাৰ কেইদিনমান পূৰ্বে 19 জুলাইত বৰমাৰ বৰজাৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান কালত (CM vigilance operation in Baksa) উৎকোচ লৈ হাতে-লোটে ধৰা পৰে মুছলপুৰৰ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ সহায়ক বিপিন কলিতা (Senior assistant of Civil Hospital arrested for taking bribe)। এগৰাকী অৱসৰী নাৰ্চৰ পৰা পেঞ্চনৰ বাবদ 5000 হাজাৰ টকা উৎকোচ লওতেই গ্ৰেপ্তাৰ হয় কলিতা ৷

উল্লেখ্যে যে, দুৰ্নীতি নিবাৰক শাখাই ভিন্ন সময়ত এইদৰে ঘোচখোৰ বিষয়াক আটক বা গ্ৰেপ্তাৰ কৰি আহিছে যদিও ঘোচ খাই খাই ছাল ডাঠ হোৱা একাংশ বিষয়াই এতিয়াও কেটকুটকে কৰিব খোজা নাই ৷ বিভিন্ন কৌশল অৱলম্বন কৰি ঘোচৰ বজাৰখনত দপদপাই আছে এনে একাংশ দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰী ৷

লগতে পঢ়ক: Vigilance Raid: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁৱৰ আৱকাৰী অধীক্ষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.