ETV Bharat / city

শিলচৰত ব্লেক ফাংগাছত আক্ৰান্ত এজন ৰোগী চিনাক্ত

বৰাক উপত্যকাত চিনাক্ত প্ৰথমগৰাকী ব্লেক ফাংগাছত আক্ৰান্ত ৰোগী । ফাংগাছ সন্দৰ্ভত শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষই কৰিলে আনুষ্ঠানিক ঘোষণা ৷

author img

By

Published : May 30, 2021, 9:09 PM IST

first black fungus patient found in silchar
শিলচৰত ব্লেক ফাংগাছত আক্ৰান্ত এজন ৰোগী চিনাক্ত

শিলচৰ, 30 মে' : ৰাজ্যজুুৰি অব্য়াহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ সংক্ৰমণৰ সংখ্য়া কিছু পৰিমানে কমিছে যদিও বৰ্তমানেও হ্ৰাস হোৱা নাই মৃত্যুৰ সংখ্যা ৷ দেওবাৰে বৰাক উপত্যকাত চিনাক্ত হয় প্ৰথমগৰাকী ব্লেক ফাংগাছ ৰোগী । এক সংবাদমেল আয়োজন কৰি ব্লেক ফাংগাছ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিলে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ৷

সংবাদমেলখনত উপস্থিত থাকে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা, কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলি আৰু শিলচৰ সাংসদ ৰাজদীপ ৰয় ৷ জানিব পৰা মতে, ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীজন 5 মে' তাৰিখে কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত 11 তাৰিখে শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয় ৷

ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি হোৱাত 26 মে' তাৰিখে তেওঁক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় ৷ ব্লেক ফাংগাছত আক্ৰান্ত হ’ব পাৰে বুলি সন্দেহ কৰাত চিকিৎসকে পৰীক্ষা কৰিব দিয়াত লোকজন ব্লেক ফাংগাছত আক্ৰান্ত বুলি ধৰা পৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমান চিকিৎসা চলি আছে যদিও ৰোগীৰ স্বাস্থ্যৰ অৱস্থা বৰ ভাল নহয় ৷

লগতে পঢ়ক : অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.