ETV Bharat / city

চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান - বৰাক উপত্যকাৰ কৰিমগঞ্জ

প্ৰসূতিৰ পেটত থকা শিশু আকাৰত হৈ সৰু থকাৰ বাবেই অপাৰেশ্যন কৰি উলিয়াই আনি আকৌ পেটত থৈ দিলে চিকিৎসকে । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা (Tense situation in Karimganj) ৷

চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

author img

By

Published : Aug 31, 2022, 4:38 PM IST

Updated : Aug 31, 2022, 7:50 PM IST

কৰিমগঞ্জ, 31 আগষ্ট: বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ প্ৰসূতিৰ পেটত থকা শিশু আকাৰত হৈ সৰু থকাৰ বাবেই অপাৰেশ্যন কৰি উলিয়াই আনি আকৌ পেটত থৈ দিলে চিকিৎসকে । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰসূতি চিকিৎসক আশিস বিশ্বাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ (Allegation against doctor in Karimganj)৷

চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

তথ্য অনুসৰি, কৰিমগঞ্জ চহৰৰ এম এম চি ৰোডৰ প্ৰসূতি নেভি নমঃশূদ্ৰক পেটৰ বিষৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ অনা হয় (Maternity operation in Karimganj civil)। সাত মাহৰ অন্তঃসত্বা মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰি গৰ্ভত থকা শিশুটিক উলিয়াই আনে চিকিৎসকে । কিন্তু শিশুটি আকাৰত সৰু হোৱাৰ বাবে আকৌ পেটত সুমুৱাই থোৱাৰ গুৰুতৰ অভিযোগ চিকিৎসক আশিস বিশ্বাসৰ বিৰুদ্ধে ।

কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি হোৱাত আকৌ চিকিৎসালয়লৈ অনা হয় । চিকিৎসকৰ নিৰ্দেশ মানি মহিলাগৰাকীৰ স্বামী ৰাজা নমঃশূদ্ৰই ইমান দিন কাকো নকলেও আজি মহিলা গৰাকীৰ যেতিয়া মাত-বোল বন্ধ হৈ পৰে তেতিয়া ঘটনাটো অৱগত কৰে । এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । চিকিৎসকৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰসূতি বিভাগৰ আগত ধৰ্ণাত বহে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য ।

লগতে পঢ়ক: গৌৰীসাগৰত উত্তেজনা, সোপাধৰাৰ সন্দেহত আক্ৰমণ এজন অচিনাকী ব্যক্তিক

Last Updated : Aug 31, 2022, 7:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.