ETV Bharat / city

পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ

author img

By

Published : Nov 7, 2020, 7:48 AM IST

বৰাকত উপস্থিত হৈয়ে কেবাখনো সভা সম্বোধন কৰে বদৰুদ্দিন আজমলে ৷ শুকুৰবাৰে শিলচৰত উপস্থিত হোৱা আজমলে বৰাকৰ তিনিওখন জিলাত পৃথক-পৃথকভাৱে কৰ্মীসভাত অংশগ্ৰহণ কৰিব ।

পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ
পাকিস্তান জিন্দাবাদ ধ্বনিৰ পিচতেই হিমন্তক বাংলাদেশী বুলি কটাক্ষ বদৰুদ্দিনৰ

শিলচৰ, 7 নৱেম্বৰ : বৰাকত উপস্থিত হৈ এ আই ইউ ডিএফ প্ৰধান বদৰুদ্দিন আজমলে লক্ষীপুৰ আৰু শিলচৰসহ কেইবাখনো স্থানত দলীয় সভাত অংশগ্ৰহণ কৰে । এই সভাতে বদৰুদ্দিন আজমলে কয় যে,বৰাক উপত্যকাৰ পোন্ধৰটা সমষ্টিৰ ভিতৰত 12খনতেই কংগ্ৰেছ-এ আই ইউ ডি এফে লাভ কৰিব ।

সভাত অংশগ্ৰহণ কৰিয়ে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক আক্ৰমণ কৰে আজমলে । নিৰ্বাচনৰ পাছত পাকিস্তান বা বাংলাদেশত আশ্ৰয় ল’ব হিমন্তই । টিভিত ল’ব অসমৰ খবৰ । প্ৰতিটো নিৰ্বাচনৰ আগে আগে হিমন্ত বাংলাদেশলৈ কিয় যায়,ক’ত থাকে ? এনেদৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হয় আজমলে । আজমল কয়, বাংলাদেশত কাৰ সৈতে তেওঁৰ বৈঠক হয় আৰু আঠ-দহ দিন তাত কি কৰে,সেয়া ডাঙৰ ৰহস্য । মাদ্রাছা বন্ধৰ বিষয়টো এজন মন্ত্রীয়ে সিদ্ধান্ত ল'ব নোৱাৰে । মিজোৰাম আৰু অসমৰ মাজত সীমা বিবাদৰ পিছতো হিমন্তবিশ্ব শর্মাৰ হাত আছে বুলি অভিযোগ কৰে বদৰুদ্দিন আজমলে । আজমলে কয়,"দুখন‌ ৰাজ্যৰ সীমা নির্ধাৰণ লৈ আগতেও কথাবার্তা হৈছে । কিন্তু এনে পৰিস্থিতি কেতিয়াও হোৱা নাই । অবাধে অসমৰ ভূমি দখল কৰিছে মিজোৰাম বাহিনীয়ে,চলিছে হত্যালীলা । অথচ চৰকাৰে একোয়েই কৰিব পৰা নাই । ইয়াৰ কাৰণ ‌হ'ল হিমন্তবিশ্ব শর্মাই পৰোক্ষভাবে এই ঘটনাত সহায় কৰিছে ৷

ইপিনে, আজমল শিলচৰত উপস্থিত হোৱাৰ সময়তে আজমলৰ নেতা-পালিনেতাই পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল ৷ এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে উত্তেজনা অব্যাহত আছে ৷ আজমল বাহিনীৰ অবৈধ পাকিস্তান প্ৰীতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌‌ শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে শিলচৰ সদৰ আৰক্ষী চকীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে । তেওঁ কয়, বিষয়টো অত্যন্ত স্পৰ্শকাতৰ । ইয়াৰ তদন্ত কৰা উচিত । পাকিস্তান জিন্দাবাদ দিয়া অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব । ‌তদুপৰি সাংসদ বদৰুদ্দিন আজমলে পদত্যাগ কৰা উচিত । তেওঁৰ সমুখত দেশৰ সংবিধান উলংঘন কৰি অনুগামীয়ে পাকিস্তান জিন্দাবাদ দিছে । পাকিস্তান জিন্দাবাদ দিয়াৰ বাবে কংগ্ৰেছ দলকো সমালোচনা কৰে তেওঁ । ৰাজদ্বীপে কয়, কংগ্ৰেছৰ বাবে ইমান সাহস গোটাবলৈ সক্ষম হৈছে বদৰুদ্দিন বাহিনীয়ে । কংগ্ৰেছে-এআই ইউডিএফৰ সৈতে মিতিৰালি পতাৰ পিছতেই আজমলে এনেকৈ ‌পাকিস্তান জিন্দাবাদ ক'বলৈ সাহস কৰিছে । বিমানবন্দৰত যদি পাকিস্তান জিন্দাবাদ দিছে ইয়াৰ বাবে ‌নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আনহাতে বিশ্বহিন্দু পৰিষদেও শিলচৰ সদৰ আৰক্ষী চকীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এটা গোচৰ তৰিছে ।

শুকুৰবাৰে শিলচৰত উপস্থিত হোৱা আজমলে বৰাকৰ তিনিওখন জিলাত পৃথক-পৃথকভাৱে কৰ্মীসভাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : অসমত পুনৰ বিজেপিৰ চৰকাৰ : মনোজ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.