ETV Bharat / city

নলবাৰীৰ এগৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ কাহিনী - মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়

নলবাৰীৰ এজন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক ৷ মিস্ত্ৰী যোগালিৰে পৰিয়ালক পোহপাল দিছে শিক্ষকগৰাকীয়ে ৷

নলবাৰীৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী
নলবাৰীৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী
author img

By

Published : Aug 14, 2020, 8:49 PM IST

নলবাৰী, 14 আগষ্ট : শিক্ষা বৃত্তিত নিয়োজিত নলবাৰীৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী ৷ শিক্ষকতা মহান বৃত্তিত জড়িত হৈও আজি পৰ্যন্ত লাভ কৰা নাই উপযুক্ত সন্মান তথা স্বীকৃতি ৷ আনকি চৰকাৰৰ ফালৰ পৰাও এলাগী হৈ ৰৈছে শিক্ষকগৰাকী । নলবাৰীৰ এইগৰাকী শিক্ষক হৈছে হৰিচন্দ্ৰ কলিতা ।

নলবাৰীৰ এগৰাকী অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ কাহিনী

মিলনজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত কাম কৰা নলবাৰী জিলাৰ সাহান বিষ্টুপুৰ গাঁৱৰ এইগৰাকী শিক্ষকে এতিয়া পেটৰ তাড়নাত কৰিবলগীয়া হৈছে আনৰ ঘৰে ঘৰে মিস্ত্ৰী যোগালিৰ কাম ৷

উল্লেখ্য যে,অপ্ৰাদেশীকৃত বিদ্যালয়খনত আজিও শিক্ষকতা বৃত্তিত নিয়োজিত হৈ আছে শিক্ষক হৰিচন্দ্ৰ কলিতা। চৰকাৰ আহিল,চৰকাৰ গ’ল কিন্তু যোৱা 28 বছৰে প্ৰাদেশীকৰণ নহ’ল উক্ত বিদ্যালয়খন । যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালৰ পোহ পাল দিবলৈ কৰিবলগীয়া হৈছে ঘৰে-ঘৰে মিস্ত্ৰী যোগালিৰ কাম l আনকি কাম নকৰিলে ভোকে-লঘোণে থাকিবলগীয়া হৈছে পৰিয়ালটো । আনহাতে সন্তানক পঢ়াৰ উপযুক্ত যোগাৰ কৰি দিয়াতো ব্যৰ্থ হৈছে পিতৃগৰাকী ৷

শিক্ষকগৰাকীৰ পৰিয়ালৰ লোক সকল
শিক্ষকগৰাকীৰ পৰিয়ালৰ লোক সকল
পৰিৱৰ্তনৰ শ্ল’গানৰে বিভিন্ন প্ৰতিশ্ৰুতিৰে অহা এই চৰকাৰৰ দিনতো কিন্তু এই পৰ্যন্ত পৰিৱৰ্তন নহ’ল হৰিচন্দ্ৰ কলিতাৰ জীৱন । পৰিতাপৰ কথা এই যে একালৰ কংগ্ৰেছী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোতেই এই সকল শিক্ষকে পাৰিশ্ৰমিক হিচাপে লাভ কৰিছিল 4000 হাজাৰকৈ টকা ৷ কিন্তু সেই একেজন মন্ত্ৰীয়েই বিজেপিলৈ ঢাপলি মেলাৰ পাচতেই বন্ধ কৰি দিয়ে এইসকল শিক্ষকৰ পাৰিশ্ৰমিক । শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেইয়া কেতিয়া কাৰ্যকৰী হ’ব সেইটোহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷

লগতে চাওক-স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.