নলবাৰী, 7 ডিচেম্বৰ : নলবাৰী জিলাৰ টিহুত চোৰৰ সন্ত্ৰাস ৷ এই সন্ত্ৰাসত অতিষ্ঠ টিহুবাসীক সকাহ দিয়াৰ উদ্দেশ্যে টিহু আৰক্ষীয়ে অভিযান চলাই সোমবাৰে সাতজনীয়া চোৰৰ এটা চক্ৰক কৰায়ত্ব কৰে ৷ এক গোপন সূত্ৰৰ পম খেদি টিহু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ৰত্নকান্ত শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা এই অভিযানত কৰায়ত্ব কৰে আটাইকেইটা চোৰক(Seven thief arrested by Tihu Police) ৷
প্ৰথমে টিহু হাৰিভাংগা পথত আৰক্ষীয়ে এক অভিযান চলাই চোকা অস্ত্ৰসহ কৰায়ত্ব কৰে দুটাকৈ দুধৰ্ষ চোৰক ৷ ধৃত চোৰকেইটা ক্ৰমে তছেৰ আলী আৰু মইনুল আলী ৷ টিহু আৰক্ষীয়ে কৰায়ত্ব কৰা এই দুই চোৰে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে পাটাছাৰকুছিৰ এখন হোটেলত ভাত খাই থকা অৱস্থাতে কৰায়ত্ব কৰে আন পাঁচটা চোৰক ৷ এই পাঁচটা চোৰ ক্ৰমে চবেৰ আলী, উস্মান আলী, মইনুল আলী, ছাইফুদ্দিন আলী আৰু মইনুদ্দিন আলী বুলি জানিব পৰা গৈছে ।
আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা চোৰৰ দলটোৰ পৰা উদ্ধাৰ কৰিছে কেইবাখনো বাইক(Two-wheelers recovered by Tihu Police) । জানিব পৰা মতে, আটকাধীন এই চোৰকেইটাৰ ঘৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত নপাৰা আৰু টিলাৰ দিয়া চৰত । সম্প্ৰতি আৰক্ষীয়ে চোৰৰ দলটোক জেৰা চলাই থকাৰ লগতে অব্যাহত ৰাখিছে অভিযান ।
লগতে পঢ়ক : চুৰি বাইকসহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ