ETV Bharat / city

বঢ়মপুৰত শ্বহীদ দিৱস উদযাপন - কংগ্ৰেছৰ উদ্যোগত

আজিৰ দিনটোতে দেশৰ স্বাধীনতাৰ হকে যুঁজি মৃত্যুক আকোঁৱালি লৈছিল বঢ়মপুৰত চাৰিগৰাকী শ্বহীদে ৷ সেই শ্বহীদ সকলক স্মৰণ কৰিয়েই প্ৰতিবছৰে ১৮ ছেপ্তেম্বৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে । আজি অৰ্থ্যাৎ শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে নগাঁৱৰ বঢ়মপুৰত উদযাপন কৰা হৈছে শ্বহীদ দিৱস ।

swahid-divas-observed-in-barahampur
বঢ়মপুৰত শ্বহীদ দিৱস উদযাপন
author img

By

Published : Sep 18, 2021, 5:59 PM IST

চামগুৰি, 18 ছেপ্তেম্বৰ: শ্বহীদৰ কেঁচা তেজেৰে ধোৱা, শ্বহীদ ভূমি নগাঁৱৰ বঢ়মপুৰৰ 1942 চনৰ চাৰিগৰাকীকৈ শ্বহীদৰ স্মৃতিত প্ৰতিবছৰে 18 ছেপ্তেম্বৰৰ দিনটোত শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ উল্লেখযোগ্য যে, 1942 ৰ 18 ছেপ্তেম্বৰৰ কথা নগাঁৱৰ বঢ়মপুৰৰ বটবৃক্ষৰ তলত স্বাধীনতা সংগ্ৰামী সকল একগোট হৈ আয়োজন কৰিছিল ভোজ-ভাতৰ ৷

সেই খবৰ পৰিছিলগৈ বৃটিছ বাহিনীৰ কাণত ৷ খবৰ লাভ কৰিয়েই বঢ়মপুৰত উপস্থিত হৈছিল বৃটিছ বাহিনী ৷ আৰম্ভ হৈছিল বৃটিছ বাহিনী আৰু স্বাধীনতা সংগ্ৰামীৰ মাজত তৰ্কযুদ্ধ ৷ তাৰ পাছতেই নিবিৰ্চাৰ ভাৱে গুলীচালনা কৰিছিল বৃটিছ বাহিনীয়ে ৷

সেই বৃটিছৰ গুলীত আঘাটপ্ৰাপ্ত হৈ শ্বহীদ হৈছিল থগী সুত, লক্ষী হাজৰিকা আৰু বলো সুত ৷ ইপিনে সেইদিনা বৃটিছৰ গুলীত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হৈছিল ভোগেশ্বৰী ফুকননী ৷ জীৱন মৃত্যুৰে যুঁজি অৱশেষত 20 ছেপ্তেম্বৰত মৃত্যুক সাৱটি লয় ভোগেশ্বৰী ফুকননীয়ে ৷

বঢ়মপুৰত শ্বহীদ দিৱস উদযাপন

লগতে পঢ়কঃ কলগাছিয়াত আমছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

এই চাৰিগৰাকী শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবেই প্ৰতিবছৰে ১৮ ছেপ্তেম্বৰ দিনটোত শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে । আজি অৰ্থ্যাৎ শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে নগাঁৱৰ বঢ়মপুৰত উদযাপন কৰা হৈছে শ্বহীদ দিৱস ।

আনহাতে এই শ্বহীদ দিৱসত শনিবাৰে পুৱা ৯ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদুৎ বৰদলৈসহ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল বঢ়মপুৰত উপস্থিত হৈ কংগ্ৰেছৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ইপিনে দিনৰ ভাগত মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা, পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মাই শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.