ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমৰ্থনত নলবাৰীত ABVPৰ গণ স্বাক্ষৰ - ৰাষ্ট্ৰীয় শিক্ষানীতি
অংক আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে নলবাৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ স্বাক্ষৰ অভিযান(Signature campaign of ABVP in Nalbari) । ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰা কাৰ্যক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ পৰিষদৰ(National Education Policy 2020) ৷

নলবাৰী, ২৪ আগষ্ট: ৰাষ্ট্ৰীয় শিক্ষানীতি কোনোবাই অৱমাননা কৰিব বিচাৰিলে সেয়া কেতিয়াও মানি নলয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে(New education system of Assam Government) । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বুধবাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমৰ্থনত নলবাৰী মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক গণ স্বাক্ষৰ অভিযান ৰূপায়ণ কৰে(Signature campaign of ABVP in Nalbari) ।
গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি কোনোবাই অৱমাননা কৰিব বিচাৰিলে সেয়া কেতিয়াও মানি মানি নহ’ব ৷ প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাত হ’ব লাগে(Science and Mathematics in English in LP schools) ৷ যাৰ বাবে পৰিষদে আজি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমৰ্থনত নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক স্বাক্ষৰ অভিযান গ্ৰহণ কৰে ৷

আনহাতে অসম চৰকাৰে গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত প্ৰচলন কৰিব বিচৰা কাৰ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কেতিয়াও মানি নলয় বুলি স্পষ্টকৈ কয় ৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দাবী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পূৰ্বৰ দাবী বুলি দৃঢ় মত পোষণ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এখন পত্ৰক লৈ অসমৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে কৰা বিতৰ্কিত মন্তব্য লৈ ৰাজনৈতিকভাৱে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাসকল(Jayant Malla's controversial comment on ABVP) ।
লগতে পঢ়ক: নগাঁৱত এবিভিপিৰ স্বাক্ষৰ অভিযান