নলবাৰী, 7 জুন : নলবাৰী চহৰৰ কৃত্ৰিম বানৰ পৰা সমস্যাৰ সমাধান বিচাৰি সোমহাৰে নলবাৰী চহৰৰ জিলিকণি চকত পানীৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰে SUCI (C)য়ে । উল্লেখযোগ্য যে মূষলধাৰ বৰষুণৰ বাবে নলবাৰী চহৰবাসীয়ে প্ৰতিবছৰে কৃত্ৰিম বানৰ সন্মুখীন হৈ আহিছে ৷
সোমবাৰে চহৰখনৰ মূল পথসমূহ পানীৰে উপচি আছে । নলবাৰীৰ পৌৰ সভাই সময়মতে নলা নৰ্দমাৰ চাফ-চিকুণ নকৰাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে সাধাৰণ জনতাই ৷ সোমবাৰে এই সমস্যাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৃত্ৰিম বানৰ সমস্যাৰ ৰোধৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে পানীৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে suci ৰ ৰাজ্যিক কাৰ্যবাহী সদস্য কেনেদী পেগু আৰু বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ কুমাৰ জৈন আৰু সদস্যসকল ।
লগতে পঢ়ক : গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ