ETV Bharat / city

শীঘ্ৰে মুকলি হ'ব নলবাৰীত এখন অত্যাধুনিক চিকিৎসালয় - Finance Minister Ajanta Neog

শীঘ্ৰেই নলবাৰীত মুকলি হ'ব এখন অত্যাধুনিক চিকিৎসালয় (New hospital ready to serve people at Nalbari) ৷ বুধবাৰে চিকিৎসক ডাঃ গোপাল কলিতাই এখন সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে ৷ এই চিকিৎসালয়খন মুকলি কৰিব ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog will inaugurate hospital in Nalbari ) ৷

new-hospital-ready-to-serve-people-at-nalbari
শীঘ্ৰে মুকলি হ'ব নলবাৰীত এখন অত্যাধুনিক চিকিৎসালয়
author img

By

Published : Jan 20, 2022, 2:00 PM IST

নলবাৰী, 20 জানুৱাৰী : নামনি অসমৰ বাবে সুখবৰ ৷ আগন্তুক 20 জানুৱাৰীত নলবাৰীত মুকলি হ'ব এখন ব্যক্তিগত খণ্ডৰ অত্যাধুনিক চিকিৎসালয় (New hospital ready to serve people at Nalbari) ৷ এই চিকিৎসালয়খন মুকলি কৰিব অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog will inaugurate hospital in Nalbari ) ৷ বুধবাৰে চিকিৎসক ডাঃ গোপাল কলিতাই এখন সংবাদমেল আয়োজন কৰি এই কথা জানিব দিয়ে ৷

শীঘ্ৰে মুকলি হ'ব নলবাৰীত এখন অত্যাধুনিক চিকিৎসালয়

চিকিৎসক ডাঃ গোপাল কলিতাই এই চিকিৎসালয়খনত অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ লগতে এই চিকিৎসালয়খনত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিক সকলেও চিকিৎসা ক্ষেত্ৰত ডাঙৰ সকাহ পাব বুলি মত পোষণ কৰে হাস্পতাল কতৃপক্ষই ৷ প্ৰায় 100 খন বিচনাযুক্ত এই চিকিৎসালয়খনত অত্যাধুনিক ইনটেনছিভ কেয়াৰ ইউনিট আৰু 8 খন বিছনাযুক্ত ICUও নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

এই চিকিৎসালয়খনত ঔষধ, নিউৰ’লজী, নিউৰ’চাৰ্জাৰী, ৰেডিঅ’লজী আদিকে ধৰি সকলো বিভাগৰে বিশেষজ্ঞ ডক্টৰও এই চিকিৎসালয়খনত উপস্থিত থাকিব৷ জানিব পৰা মতে, য’ত বিশেষজ্ঞ ডাঃ জয়ন্ত দাস, নিৰ্মল শৰ্মা, ডাঃ ৰূপজ্যোতি কলিতা, ডাঃ গোপাল কলিতা, ডাঃ স্বৰূপ শৰ্মা লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি জড়িত হৈ থাকিব হস্পিতালখনত ৷

লগতে পঢ়ক : চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.