ETV Bharat / city

নলবাৰী চহৰত বিজেপিৰ উদ্যোগত ছেনিটাইজেশ্যন - থানা চক

কৰ’ণাক দ্বিতীয়টো লহৰত নলবাৰী জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি ৷ বিজেপি কৰ্মীৰদ্বাৰা নলবাৰী টাউনৰ বিভিন্ন ঠাইত কৰা হয় ছেনিটাইজ ৷

নলবাৰী চহৰত বিজেপিৰ উদ্যোগত চেণিটাইজেছন
নলবাৰী চহৰত বিজেপিৰ উদ্যোগত চেণিটাইজেছন
author img

By

Published : May 18, 2021, 10:28 PM IST

নলবাৰী, 18 মে' : ৰাজ্যজুৰি দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ কৰ’ণাক দ্বিতীয়টো লহৰত নলবাৰী জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাইছে ৷

মঙলবাৰে নলবাৰী চহৰ বিজেপিৰ উদ্যোগত ছেনিটাইজেশ্যন কৰা হয় । অসমত ভয়াৱহভাৱে বাঢ়ি থকা কৰ’ণাৰ সংক্ৰমণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰৰ ব্যস্ত পথ সমুহৰ দোকান পোহাৰসমূহ ছেনিটাইজে কৰা হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষ বাহনৰ সহায়ত চহৰৰ বড়ো মছজিদ চ’ক, পি এন চি ৰোড, থানা চ’ক, কলেজ ৰোড, এন টি ৰোডৰ লগতে আছুৰ শ্বহীদ ভৱনটো ছেনিটাইজে কৰা হয় । বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ উদ্যোগত আৰু নলবাৰী জিলা আই টি চেলৰ আহ্বায়ক মৃগাংক দাস, কিষাণ মৰ্চাৰ টাউন মণ্ডলৰ সভাপতি বেদান্ত কলিতা, কিষাণ মৰ্চা টাউন মণ্ডলৰ কোষাধ্যক্ষ পংকজ কলিতাৰ পৰ্যবেক্ষণত চহৰৰ প্ৰায় আটাইকেইটা পথতেই ছেনিটাইজ কৰা হয় ।

উল্লেখ্য যে বৰ্তমানলৈকে জিলাখনত প্ৰায় চাৰি হাজাৰ লোক কৰ’ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : ক'ভিডৰ দ্বিতীয় ষ্ট্ৰেইন: শিশু সকলক কিদৰে সংক্ৰমন কৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.