ETV Bharat / city

নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

এটি আঢ়ৈ বছৰীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰী জিলাৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত লোকে লণ্ড-ভণ্ড কৰিলে চিকিৎসালয়ৰ চৌহদ

উত্তেজিত লোকে লণ্ড-ভণ্ড কৰিলে চিকিৎসালয়ৰ চৌহদ
author img

By

Published : Aug 10, 2019, 10:35 AM IST

নলবাৰী,10 আগষ্ট : নলবাৰী জিলাৰ সাৰথি হাস্পতলত উত্তপ্ত পৰিস্থিতি ৷ এটি আঢ়ৈ বছৰীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি আত্মীয়ই লণ্ড-ভণ্ড কৰে চিকিৎসালয়ৰ চৌহদ ৷

নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

ঘটনা অনুসৰি, শনিবাৰে নিশা পৰিস্মিতা বৰ্মন নামৰ এটি শিশুক সাৰথি নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল ৷ শিশুটি আক্ৰান্ত হৈ আছিল জটিল ৰোগত ৷ চিকিৎসালয়খনত শিশুটিক ভৰ্তি কৰাৰ পাছতেই ডঃ চুমী মেধি আৰু বিনয় শৰ্মাই ইঞ্জেকচন দিয়ে শিশুটিক ৷ ইয়াৰ পাছতেই শিশুটি মৃত্যুমুখত পৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি শিশুটিৰ আত্মীয়সকল ক্ষোভিত হৈ পৰে আৰু চিকিৎসালয় খন লণ্ড-ভণ্ড কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Intro:সাৰথি হস্পিতালত উত্তপ্ত পৰিস্থিতি।
Body:নিশা নলবাৰীৰ সাৰথি হস্পিতালত উত্তপ্ত পৰিস্থিতি।।এগৰাকী আঢ়ৈ বছৰীয়া কন্যা শিশু ঢুকোৱাক লৈ আত্মীয়ই লণ্ড ভণ্ড কৰে চিকিৎসালয়ৰ চৌহদ।।জানিব পৰা মতে নিশা পৰীস্মিতা বৰ্মন নামৰ কন্যা গৰাকী জটিল ৰোগত আক্ৰান্ত হয় আৰু তাৰ পিছত নিশা শিশুটিক সাৰথি নামৰ ব্যক্তিগত চিকিৎসালয় খনত ভৰ্তি কৰোৱা হয়।।ইয়াৰ পিছতে ডক্টৰ চুমী মেধি আৰু বিনয় শৰ্মাই এটি ইঞ্জেকচন দিয়াৰ পিছতে শিশুটিৰ মৃত্যু হয়।।এই ঘটনাৰ পিছত পৰিয়ালৰ লোকে চিকিৎসালয় খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে চিকিৎসালয় খন লণ্ড ভণ্ড কৰে।।পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষী ঘটনা স্থলীত উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

                                 Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.