ETV Bharat / city

২১ ডিচেম্বৰত নলবাৰীৰ পৰা "পূণ্যধাম যাত্ৰা" আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Dec 18, 2020, 9:30 PM IST

অসমৰ বিভিন্ন জিলাত থকা আপুৰুগীয়া ধৰ্মীয় অনুষ্ঠানসমূহ বয়োজ্যেষ্ঠ( ৫০ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ)লোকসকলক চাবলৈ সুবিধা দিয়াৰ মানসেৰে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধীনত "পূণ্যধাম যাত্ৰা" আঁচনি প্ৰৱৰ্তন কৰা হৈছে । এই আঁচনিখন ৰাজ্যিক ভিত্তিত অহা ২১ ডিচেম্বৰত নলবাৰী গৰ্ডন খেল পথাৰৰ শুভাৰম্ভ কৰা হ'ব ।

nalbari dc press meet
২১ ডিচেম্বৰত নলবাৰীৰ পৰা "পুন্যধাম যাত্ৰা" আঁচনিৰ শুভাৰম্ভ

নলবাৰী, 18 ডিচেম্বৰ : অসমৰ বিভিন্ন জিলাত থকা আপুৰুগীয়া ধৰ্মীয় অনুষ্ঠানসমূহ বয়োজ্যেষ্ঠ( ৫০ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ)লোকসকলক চাবলৈ সুবিধা দিয়াৰ মানসেৰে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধীনত "পূণ্যধাম" আঁচনি প্ৰৱৰ্তন কৰা হৈছে । এই আঁচনিখন ৰাজ্যিক ভিত্তিত অহা ২১ ডিচেম্বৰত নলবাৰী গৰ্ডন খেল পথাৰৰ শুভাৰম্ভ কৰা হ'ব ।
সেইদিনাই নলবাৰীৰ পৰা মাজুলীলৈ ৫০জন, নলবাৰীৰ পৰা ধুবুৰীৰ মহামায়া থান, মধুপুৰ সত্ৰ আদিলৈ ৫০জন, নলবাৰীৰ পৰা তেজপুৰলৈ ৫০জন, নলবাৰীৰ পৰা শিৱসাগৰলৈ ২৫জন আৰু নলবাৰীৰ পৰা নগাঁৱলৈ ২৫জন লোকে মুঠ ৮খন বাছেৰে যাত্ৰা কৰিব।

এই যাত্ৰা পুৱা আঠ বজাত শুভাৰম্ভ কৰিব অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। স্বাস্থ্য বিভাগে যোৱাৰ আগদিনা লোকসকলৰ ক‘ভিডকে ধৰি উচ্চ ৰক্তচাপ আদি আৱশ্যকীয় শাৰীৰিক পৰীক্ষা কৰিব। যাত্ৰীসকলৰ লগত যাব ৮ জনকৈ গাইড । এই সন্দৰ্ভত শুকুৰবাৰে জিলা উপায়ুক্ত পূৰৱী কোৱঁৰ, জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিনহা, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, যুটীয়া সঞ্চালক উমেশ ফাংচুকে আদি কৰি কেবাজনো বিষয়াৰ উপস্থিতিত উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, অসমৰ লগতে অৰুণাচল, ত্ৰিপুৰা, মেঘালয় আৰু কোচবিহাৰকে আদি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৫খন ৰাজ্যৰ কামাখ্যা মন্দিৰ, পৰশুৰামকুণ্ড, মহাভৈৰৱ মন্দিৰ, মহামায়া থান, মধুপুৰ সত্ৰ, বৰপেটা সত্ৰ, শিৱদ'ল, আজান ফকীৰ দৰগাহ, বাসুদেৱ আৰু মালিনী থান, ত্ৰিপুৰা সুন্দৰী মন্দিৰ, চৰাইদেউৰ বৌদ্ধ মন্দিৰ, বৰদোৱা আদি ১২ খন ঠাইলৈ অসমৰ বাক্সা, বৰপেটা, বজালী, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ(মহানগৰ), কামৰূপ(গ্ৰাম্য), কাৰ্বি আংলং(পূৱ), কাৰ্বি আংলং(পশ্চিম), কৰিমগঞ্জ,কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ পৰা "পূণ্যধাম যাত্ৰা"আঁচনিৰ অধীনত ভ্ৰমণৰ সুবিধা দিয়া হ'ব। বছৰটোৰ বিভিন্ন সময়ত বয়োজ্যেষ্ঠ লোকসকলে এই আঁচনিৰ অধীনত ভ্ৰমণৰ সুবিধা পাব।

লগতে পঢ়ক: পাঠশালাত ৰহস্যময় উল্কাপিণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.