ETV Bharat / city

নলবাৰীত ডাকঘৰৰ স্থান সলনি কৰা কাৰ্যৰ বিৰোধিতা AJYCPৰ

author img

By

Published : Dec 22, 2020, 6:57 PM IST

নলবাৰীৰ খাটাবাৰীস্থিত ডাকঘৰ স্থানান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ । নলবাৰী-বৰপেটা সংমণ্ডলৰ ডাক অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে । স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ।

নলবাৰী-বৰপেটা সংমণ্ডলৰ ডাক অধীক্ষকলৈ AJYCPৰ স্মাৰক পত্ৰ

নলবাৰী, ২২ ডিচেম্বৰ: নলবাৰী জিলাৰ মুখ্য ডাকঘৰ প্ৰতিষ্ঠা কৰা পূৰ্বেই স্থাপিত খাটাবাৰী ডাকঘৰৰ স্থান সলনি কৰাৰ কথা বিবেচনা কৰিছে ডাক বিভাগে । বৃহত্তৰ খাটাবাৰী অঞ্চলৰ ৰাইজৰ আৱেগ জড়িত হৈ থকা ডাকঘৰটো স্থানান্তৰ কৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতে তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে ।

মঙলবাৰে ডাকঘৰৰটোৰ স্থান সলনি কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি নলবাৰী-বৰপেটা সংমণ্ডলৰ ডাক অধীক্ষকক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংগঠনৰ নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা আৰু সাধাৰণ সম্পাদক হেমেন কলিতাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে, ১৯৬১ চনতে স্থাপিত উক্ত ডাকঘৰটো খাটাবাৰী অঞ্চলৰ ঐতিহ্য বহনকাৰী অনুষ্ঠানৰূপে খ্যাত । খাটাবাৰীৰ ডাকঘৰটোৱে বিগত সময়ছোৱাত অঞ্চলটোৰ সাধাৰণ ৰাইজৰ বাবে বিভিন্ন সময়ত সহায়ক অনুষ্ঠান ৰূপেও পৰিগণিত হৈছে ।

সেয়ে, ডাকঘৰটো সেই স্থানৰ পৰা উঠাই নিয়া প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ । যদি এই প্ৰক্ৰিয়া বন্ধ নহয়, তেন্তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে বৃহত্তৰ খাটাবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে । ডাকঘৰটো খাটাবাৰী অঞ্চলৰ পৰা আঁতৰাই নিলে ডাকঘৰৰ কাম-কাজ সঘনাই কৰি থকা লোকসকলেও সমস্যাৰ সন্মুখীন হ'ব লাগিব ।

লগতে পঢ়ক:দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.