নলবাৰী,13 অক্টোবৰ: আজি ধন আৰু ঐশ্বৰ্য্যৰ অধিকাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা । লক্ষ্মী বন্দনাৰে মুখৰিত হৈছে নলবাৰী জিলাৰ মন্দিৰসমূহ । জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে লক্ষ্মী পূজাৰ আয়োজন ।
উল্লেখযোগ্য যে, নলবাৰীৰ বালিকৰিয়াৰ উদ্যোগ পাম চ'কৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে । বালিকৰিয়াত এইবেলি ৫৫ তম লক্ষ্মী পূজাৰ আয়োজন ৷ বৈদিক মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হোৱা এই পূজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী লোৱা হৈছে ।
লক্ষ্মীপূজা উপলক্ষে বালিকৰিয়াত বিভিন্ন আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ পূজাৰ তিনিদিনত সৰ্বমুঠ 25 টা কাৰ্যসূচী হাতত লোৱা হৈছে ৷ দেওবাৰে তাৰে 16 টা কাৰ্যসূচী পালন কৰা হ'ব বুলি আয়োজকে জনাইছে ৷