ETV Bharat / city

নলবাৰীত নীতি-বহিৰ্ভূতভাৱে স্থাপন হোৱা শ্বপিং মলৰ বিৰুদ্ধে চলিব অভিযান

author img

By

Published : Dec 16, 2021, 1:15 PM IST

বন্ধ হ'ব পাৰে নীতি-বহিৰ্ভূতভাৱে গঢ় লৈ উঠা নলবাৰীৰ শ্বপিংমল ৷ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ সকীয়নি (Jayanta Malla's warning to unauthorized shopping malls)৷ প্ৰশাসনৰ এই সিদ্ধান্তই দুঃখবৰ কঢ়িয়াব পাৰে নলবাৰীৰ শ্বপিং মলসমূহলৈ ৷

greetings-from-chief-ministers-political-secretary-and-mla-jayanta-malla-baruah-at-nalbari
নলবাৰীত নীতি-বহিৰ্ভূতভাৱে স্থাপন হোৱা শ্বপিং মলৰ বিৰুদ্ধে প্ৰশাসনে চলাব অভিযান

নলবাৰী, 16 ডিচেম্বৰ : নলবাৰীৰ নীতি-বহিৰ্ভূতভাৱে গঢ় লৈ উঠা শ্বপিংমল সমূহৰ বাবে দুঃখবৰ ৷ এইবাৰ নলবাৰীত চলিব পৌৰসভাৰ অভিযান(Take action against unauthorized Shopping Malls) ৷ বন্ধ হ'ব পাৰে নলবাৰীৰ নীতি-বহিৰ্ভূতভাৱে গঢ় লৈ উঠা শ্বপিং মল ৷ নীতি-বহিৰ্ভূতভাৱে গঢ় লৈ উঠা এই শ্বপিং মলত চলিব পাৰে প্ৰশাসনৰ বুল ডজাৰ(Nalbari District Adminstration to take action) ৷

কিয়নো উপযুক্ত পাৰ্কিং অবিহনে স্থাপন হোৱা নলবাৰীৰ এই শ্বপিং মলসমূহৰ ফলত সঘনাই যান-জঁ‌টৰ সৃষ্টি হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে ৷ এই নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ চকু এই শ্বপিং মলসমূহৰ ওপৰত ৷ চৰকাৰৰ এই সিদ্ধান্তই দুঃখবৰ কঢ়িয়াব পাৰে নলবাৰীৰ শ্বপিং মলসমূহলৈ ৷

বুধবাৰে নলবাৰী পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱাক কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে সম্ভাষণ জনায় ৷ এই অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে নলবাৰী জিলাৰ উন্নয়নৰ লগত জড়িত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰ কথা ঘোষণা কৰে ৷

পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সংবাদমেলত নলবাৰীত মহিলা সকলৰ বাবে সুকীয়াকৈ মহিলা বজাৰ (Separate market for women in Nalbari), নলবাৰী চহৰত 14 টাকৈ হাই-মাক্স লাইটৰ সংযোজন কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে । ইফালে অনুষ্ঠানটোত উপস্থিত থাকি নলবাৰীত নীতি-বহিৰ্ভূতভাৱে স্থাপন হোৱা শ্বপিং মল সমূহৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাক (Jayanta Malla Baruah angry with unauthorized shopping malls) ৷

ইয়াৰোপৰি বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰীত পাৰ্কিং অবিহনে স্থাপন হোৱা শ্বপিং মলৰ ফলত যান-জঁ‌টৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ লগতে এনে নীতি-বহিৰ্ভূতভাৱে স্থাপন হোৱা শ্বপিং মলৰ বিৰুদ্ধে প্ৰশাসনে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে(Action against unauthorized Shopping Malls ) । ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় দিশ চোৱা চিতাৰ বাবে এখনি টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে বুলিও সংবাদ মাধ্যমক জনায় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.