ETV Bharat / city

নলবাৰীৰ খাৰজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী খাৰজাৰত বৃহস্পতিবাৰে সংঘটিত হয় এটা ভয়াৱহ পথ দুৰ্ঘটনা । স্কুটি আৰু চাৰিচকীয়া বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত কথমপি প্ৰাণ ৰক্ষা পৰে মনিশংকৰ তালুকদাৰ নামৰ স্কুটি আৰোহী গৰাকী ।

Danger Road Accident At Nalbari
নলবাৰী খাৰজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jun 17, 2021, 7:40 PM IST

নলবাৰী,17 জুন:নলবাৰী জিলাৰ খাৰজাৰত বৃহস্পতিবাৰে সংঘটিত হৈছে এটা ভয়াবহ পথ দুৰ্ঘটনা(ACCIDENT) ৷ এখন স্কুটি আৰু চাৰিচকীয়া বাহন এখনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় স্কুটি আৰোহী মনিশংকৰ তালুকদাৰ ৷

উল্লেখযোগ্য যে, মনিশংকৰ তালুকদাৰ নামৰ এগৰাকী স্কুটি আৰোহীয়ে নলবাৰীৰ চামতা দিশৰ পৰা গৈ থকা অৱস্থাত নলবাৰী চহৰৰ পৰা চামতা দিশে অহা এখন চাৰিচকীয়া লঘু বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ অৱশ্যে দুৰ্ঘটনাটোত স্কুটি আৰোহী মনিশংকৰ তালুকদাৰ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাত হয় যদিও কথমপি প্ৰানৰক্ষা পৰে স্কুটি আৰোহী গৰাকীৰ ৷

Danger Road Accident At Nalbari
নলবাৰী খাৰজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দূৰ্ঘটনা গ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে- AS14 J 9350 । আনহাতে স্কুটী খনৰ নম্বৰ হৈছে- AS14H 0995 । উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষী (POLICE)ক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-জীৱকূল তথা প্ৰকৃতিৰ বাবে অভিশাপস্বৰূপ বাঘজানৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.