নলবাৰী, 8 মে': নলবাৰী জিলাৰ ধমধমাৰ শনিবাৰৰ অৰ্ধ-সাপ্তাহিক বজাৰখন শনিবাৰে প্ৰশাসনে ৰাতিপুৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে ৷ মহামাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সপ্তাহিক বজাৰ খন বন্ধ কৰি দিয়া হয় ৷
বিগত দিনত ধমধমাত ক’ভিড-19 ত কেইবাগৰাকী লোক আক্ৰান্ত হোৱাৰ পিছত অঞ্চলটোৰ লোকসকল আংতকিত হৈ পৰিছে ৷ উল্লেখ্য যে, নলবাৰী জিলাৰ ভিতৰতে ধমধমাৰ এই বৃহৎ সাপ্তাহিক বজাৰলৈ যথেষ্ট সংখ্যক লোক বিভিন্ন ঠাইৰ পৰা বেপাৰ-বাণিজ্য কৰিবলৈ আহে ৷
লগতে পঢ়ক : খাকী পোচাকত কালিমা: আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ