ETV Bharat / city

নতুন দল দুটা কংগ্ৰেছৰ বি টীম : মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Apr 3, 2021, 10:39 AM IST

ধৰ্মপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কংগ্ৰেছ-এ আই ইউ ডি এফ অসমীয়াৰ মহাশত্ৰু ।

নতুন দল দুটা কংগ্ৰেছৰ বি টীম : মুখ্যমন্ত্ৰী সোণোৱাল
নতুন দল দুটা কংগ্ৰেছৰ বি টীম : মুখ্যমন্ত্ৰী সোণোৱাল

নলবাৰী, 3 এপ্ৰিল : ৰাজ্যত ইতিমধ্যে সম্পন্ন হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন । তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ তিনিটা দিন বাকী । এনে সময়তে তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ'ব লগা সমষ্টিসমূহত চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । নলবাৰী জিলাৰ ৬১ নং ধৰ্মপুৰ সমষ্টিও ব্যতিক্ৰম নহয় । বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেখুৱাইছে নিৰ্বাচনী চমক ।

প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই বেলশৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত পুনৰ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত এখনি বিশাল নিৰ্বাচনী সভাত অংশ লৈ সোণোৱালে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছ-এ আই ইউ ডি এফ অসমীয়াৰ মহাশত্ৰু বুলি বিস্ফোৰক মন্তব্য সৰ্বানন্দ সোণোৱালৰ । কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনাৰে থকা সৰকা কৰি কয় যে, কংগ্ৰেছৰ দিনত হোৱা দূৰ্নীতিৰ বাবে অতিষ্ঠ হৈছিল ৰাজ্যৰ সাধাৰণ জনতা । আঁচনি লাভৰ বাবে ৰাইজে দালালক টকা দিব লগা হৈছিল ।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰৰ দিনত ৰাজ্যত দূৰ্নীতি নিৰ্মূল হোৱা বুলি মন্তব্য কৰি বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱা বুলি মন্তব্য কৰে । ইফালে সভাতে মন্ত্ৰী তথা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ'ল মুখ্যমন্ত্ৰী সোণোৱালক ।

লগতে পঢ়ক: অসম আন্দোলনৰ সপ্ত শ্বহীদক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.