নলবাৰী , 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ'ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলক ঋণ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । মহিলাসকলক সহায়ৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শেহতীয়াকৈ দেওবাৰে নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme) ৷ লগতে নলবাৰীৰ উন্নয়ন সম্পৰ্কত পাঁচখন আঁচনি মুকলি সম্পৰ্কত সাধাৰণ সভা এখনো অনুষ্ঠিত হয় ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোকিলকন্ঠী গায়িকা লতা মঙ্গেশকাৰক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে (Himanta Biswa Sarma pays tribute to Lata Mangeshkar) । এই অনুষ্ঠানৰ জৰিয়তে জিলাখনৰ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মুঠ 21 টা মাইক্ৰফাইনেন্স গোটৰ 26830 গৰাকী মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে (Cheques Distribution at Nalbari) ৷
ইফালে 105 কৌটি টকা ব্যয় সাপেক্ষ নলবাৰীৰ কৃত্ৰিম বান পানী নিষ্কাষণৰ লগতে সৌন্দৰ্য্য বৰ্ধন আঁচনি ,পাগলাদিয়াৰ মথাউৰি মজবুত কৰি বিকল্প পথৰ ব্যৱস্থা কৰি 48 কৌটি টকা ব্যয় সাপেক্ষ 28 কিলোমিটাৰ পথ নিৰ্মাণ, 16 বিঘা ভূমি আবৃত আৰু 11.9 কৌটি টকা ব্যয় সাপেক্ষ কুমাৰ ভাস্কৰ বৰ্মা কলাক্ষেত্ৰৰ শুভাৰম্ভণি, 11 কৌটি টকা ব্যয় সাপেক্ষ কমলপুৰ ৰঙিয়া আৰু বাইহাটাৰ ৰাইজে নলবাৰী মেডিকেল কলেজলৈ পোনপতীয়াকৈ অহাৰ সুবিধাৰ্থে দুটা ডাঙৰ পথৰ শুভাৰম্ভ কৰাৰ লগতে 10 কৌটি টকা ব্যয় সাপেক্ষ দুটাকৈ পথ নিৰ্মাণৰ কাৰ্যও শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, দুৰ্নীতিৰ বিৰুদ্ধে যি অভিযান চলি আছে সেই অভিযানৰ দহ শতাংশহে আমি আগবাঢ়িছো । পঞ্চাশ হাজাৰ চাকৰিৰ বাবে আবেদন গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে ফেব্ৰুৱাৰীত আৰু চল্লিশ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ‘ব বুলিও মন্তব্য কৰে । ইফালে ৰাজ্যত কৰ্মসংস্কৃতি গঢ় দিয়াৰ লগতে উৎপাদনশীলতা বৃদ্ধি কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আমি অসমক প্ৰকৃত ভাবে ভাল পাবলৈ শিকিব লাগিব আৰু উৎপাদনশীলতাৰে অসমক স্বাৱলম্বী কৰিব লাগিব । এটা কৰ্মমূখী জাতি নলবাৰীৰ পৰাই নিৰ্মাণ হওঁক বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই সভাত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওঁগ , ৰণজিৎ কুমাৰ দাস আদিৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে আন আন বিশিষ্ট লোক সকলো উপস্থিত থাকে৷ এই সভাত অংশ গ্ৰহণ কৰাৰ পূৰ্বেই নলবাৰীত জিলা বিজেপিৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজন প্ৰক্ৰিয়া সমাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ লগতে নলবাৰীৰ ৰাইজ আমি সদায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
লগতে পঢ়ক : নগাঁৱত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ