ETV Bharat / city

বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ এগৰাকী ছাত্ৰৰ সংগ্ৰাম - Noor Mahmmad

নলবাৰীৰ এগৰাকী গৱেষক ছাত্ৰৰ সংগ্ৰাম । বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গবেষণালৈ ৷ টেট উত্তীৰ্ণ হৈয়ো নাপালে চাকৰি ৷ আমাৰ এক প্ৰতিবেদন ।

বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ এগৰাকী ছাত্ৰৰ সংগ্ৰাম

author img

By

Published : Aug 7, 2020, 3:05 AM IST

নলবাৰী, 6 আগষ্ট : নিজৰ মনৰ উদ্যম আৰু ঐকান্তিক প্ৰচেষ্টাত সকলো হ'ব পাৰে সম্ভৱ । মেধাৰ আগত সদায় দৰিদ্ৰতাই হাৰ মানি আহিছে । তেনেদৰেই দ্ৰৰিদ্ৰতাক নেওঁচি আগবাঢ়িছে এজন মেধা যুৱক । নলবাৰীৰ বাসিন্দা এইগৰাকী উচ্চশিক্ষিত যুৱক হৈছে নুৰ মহম্মদ ।

বাতৰি কাকত বিতৰণৰ পৰা বিশ্ববিদ্যালয়ৰ গৱেষণালৈ, নলবাৰীৰ এগৰাকী ছাত্ৰৰ সংগ্ৰাম
খেতিত ব্যস্ত নুৰ মহম্মদ

তিনি বছৰ বয়সতেই নুৰে হেৰুৱাইছিল পিতৃক । তাৰ পিচতেই আৰম্ভ হৈছিল নুৰৰ সংগ্ৰাম ৷ পঢ়াৰ ক্ষেত্ৰত যেন হাৰ মানিলে দ্ৰৰিদ্ৰতাই । নলবাৰীৰ ধমধমাৰ নুৰে মাছৰ ব্যৱসায় কৰাৰ লগতে কেৰাচিন তেল,পেট্ৰ'ল আদিৰ ব্যৱসায় কৰি উলিয়াইছিল নিজৰ পঢ়াৰ খৰছ । আৰবী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা নুৰে ইতিমধ্যে পিএইচডিৰ বাবে নিজৰ থেছিছ দখল কৰিছে ।

সাংবাদিকক ধন্যবাদ নুৰ মহম্মদৰ

কিন্তু উচ্চ মেধাসম্পন্ন এইগৰাকী শিক্ষিত যুৱকৰ বাবে আজিলৈ সুদৃষ্টি নপৰিল চৰকাৰৰ ৷ টেট উত্তীৰ্ণ নুৰে আজিলৈ নাপালে চৰকাৰী নিযুক্তি । ৰঙা ফিটাৰ মেৰপেছত আৱদ্ধ হৈ ৰ'ল নুৰৰ চৰকাৰী নিযুক্তি । তথাপিও হাৰ নমনা নুৰে চলাই গৈছে জীৱন সংগ্ৰাম । শিক্ষাৰ মাদকতা আৰু মূল্যবোধক স্বীকৃতি দি নিজৰ লগতে নুৰে চলাই গৈছে নিজৰ জীৱন ৷

শিক্ষা জীৱনৰ সংগ্ৰাম, বাধা নমনা নুৰ মহম্মদ

এতিয়া পুৱা বাতৰি কাকত বিতৰণ কৰি এখন দোকানৰে কৰিছে ব্যৱসায় । ইফালে অতি দ্ৰৰিদ্ৰ পৰিয়ালটোৱে পোৱা নাই আজিলৈকে কোনো চৰকাৰী ঘৰ বা অনাময় আঁচনিৰ সুবিধা । সঁচা অৰ্থত ক'বলৈ হ'লে চৰকাৰী সহায় অবিহনে দ্ৰৰিদ্ৰতাক একাষৰীয়া কৰি নিজৰ পথত দৃঢ়তাৰে আগবাঢ়িছে নুৰ । এইদৰেই চলাই গৈছে জীৱন সংগ্ৰাম ।

সাংবাদিকক ধন্যবাদ নুৰ মহম্মদৰ

চৰকাৰে এই সময়ত উচ্চ শিক্ষিত নিবনুৱাৰ বাবে বহুটো আঁচনি গ্ৰহণ কৰিছে যদিও নুৰৰ ক্ষেত্ৰত সকলো ফুটুকাৰ ফেনত পৰিনত হৈছে ৷ নুৰৰ আশা নিজৰ প্ৰতিভা আৰু গুণৰ ফলত জীৱনত এদিন সফলতাৰ শিখৰত নিজেই উপনীত হ'ব ৷ দৃঢ়বিশ্বাসী নুৰৰ আত্মবিশ্বাসৰ বল নিশ্চয়কৈ শলাগিবলগীয়া ৷

লগতে পঢ়ক : ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.