ETV Bharat / city

ৰাজ্যজুৰি বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিবাদ; ঠায়ে ঠায়ে জ্বলিল পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Jan 6, 2022, 9:17 PM IST

পঞ্জাৱত সংঘটিত অবাঞ্চিত ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (PM security breach in Panjub)  ৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰে প্ৰদৰ্শন কৰা বিফলতাক লৈ অসমতো প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনা কৰি নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত মহামৃত্যুঞ্জয় যজ্ঞ ৷

PM security breach in Panjub
ৰাজ্যজুৰি বিজেপিৰ কংগ্ৰেছ বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, 6 জানুৱাৰী : প্ৰধানমন্ত্ৰীৰ পঞ্জাৱ আগমনৰ সময়ত সংঘটিত অবাঞ্চিত ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (PM security breach in Panjub) ৷ কংগ্ৰেছে ইয়াক বিজেপিৰ কুটিল ৰাজনীতি আখ্যা দিয়াৰ বিপৰীতে বিজেপিয়ে এই ঘটনাক প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে কৰা ষড়যন্ত্ৰ বুলি দাবী কৰিছে ৷ এই ঘটনাক লৈ প্ৰতিবাদ আৰম্ভ হৈছে অসমতো (BJP protest against PM security breach) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনা কৰি বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত মহামৃত্যুঞ্জয় যজ্ঞ আৰু আহুতি প্ৰদান বিজেপিৰ একাংশ কৰ্মকৰ্তাৰ ।

PM security breach in Panjub
বিল্বেশ্বৰ দেৱালয়ত মহামৃত্যুঞ্জয় যজ্ঞ

ৰঙিয়াত বিজেপি যুৱ মৰ্চাৰ প্ৰতিবাদ (BJP protest in Rangia)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পঞ্জাৱ চৰকাৰে নিৰপত্তা দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত ৰঙিয়াত বিজেপিৰ উত্তৰ কামৰূপ যুৱ মৰ্চাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখৰ পৰা ৰঙিয়া চহৰৰে শোভাযাত্ৰা কৰি মহাত্মা গান্ধী পথত থকা কংগ্ৰেছ ভৱনৰ সন্মুখত উপস্থিত হয় । কংগ্ৰেছ ভৱনৰ সন্মুখত কংগ্ৰেছ বিৰোধী ধ্বনিৰে কপাই তুলি পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ লগতে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে ।

তেজপুৰতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ তিনি শতাধিক প্ৰতিবাদকাৰীয়ে তেজপুৰ চহৰৰ মাজেদি প্ৰতিবাদী সমদল কৰি গৈ তেজপুৰৰ কোৰ্ট চাৰিআলিত পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে (Panjub CM's effigy burnt in Tezpur)। শোণিতপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ নেতৃত্বত তিনি শতাধিক প্ৰতিবাদকাৰীয়ে তেজপুৰ চহৰৰ মাজমজিয়াত থকা তেজপুৰ পৌৰ সভাৰ পাৰ্কিং স্থানত সমবেত হয় । কিন্তু সমদলৰ কোনো অনুমতি নথকাত শোণিতপুৰ আৰক্ষী আৰু শোণিতপুৰ জিলা প্ৰশাসনে বাধা আৰোপ কৰে যদিও যুৱ মৰ্চাৰ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বেহুভ ভাঙি প্ৰতিবাদ সাব্যস্ত কৰে ।

ভাৰতীয় জনতা যুৱ মৰ্চাই বৰপেটা চহৰতো সমদল উলিয়াই পাঁচআলি চকত প্ৰতিবাদ সব্যস্ত কৰে ৷ প্ৰতিবাদী বিজেপি যুৱ মৰ্চাৰ কৰ্মী সকলে পঞ্জাৱ চৰকাৰ আৰু কংগ্ৰেছ বিৰোধী শ্ল'গানেৰে বৰপেটা চহৰৰ ৰাজপথত উত্তাল কৰি তোলে ৷

মাজুলীতো কংগ্রেছৰ বিৰুদ্ধে প্ৰতিবাদ মাজুলীৰ বিজেপি যুৱ মৰ্চাৰ । পঞ্জাৱত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা মাজুলী জিলা বিজেপি যুৱ মৰ্চাৰ । পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত যি গাফিলতি কৰিলে তাৰ প্ৰতিবাদত পঞ্জাৱৰ পৰা কংগ্ৰেছক বহিষ্কৃত কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী জনালে বিজেপি যুৱ মৰ্চাই ।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলা জনতা যুৱ মৰ্চাৰ দুই শতাধিক কৰ্মীয়ে বৃহস্পতি বাৰে সন্ধিয়া শিৱসাগৰ নগৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰি শিৱসাগৰ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰে । ভাৰত বৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পঞ্জাৱ চৰকাৰে কৰা অপমান সূচক কাৰ্যৰ কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিয়ে ।

লগতে পঢ়ক : PM security breach : হিমন্তই ক’লে প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.