নলবাৰী,6 ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথো প্ৰায় দুটা মাহ বাকী ৷ প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে বজাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী ৰণডংকা ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন জিলাত ইখনৰ পিছত সিখনকৈ অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৷ একেদৰে নলবাৰীতো জিলা বিজেপিৰ অধীনষ্ঠ বড়িগোগ-বনভাগ মণ্ডল সমিতিয়েও নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নতুনকৈ স্থাপন কৰিছে এটা কাৰ্যালয় ৷ ঘগ্ৰাপাৰৰ হাইৱে চ’কৰ দক্ষিণ দিশে অকণ কমপ্লেক্সত স্থাপন কৰা কাৰ্যালয়টো শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বড়িগোগ-বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই ৷
কাৰ্যালয়টো উদ্বোধন কৰি বিজেপি নেতাগৰাকীয়ে চৰকাৰৰ অভিলাষী আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ কাৰ্য-কৰ্তাসকলক আহ্বান জনায় । নেতাগৰাকীয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈয়ো প্ৰতিজন কৰ্মীক অনুৰোধ জনায় । 9 খন গাঁও পঞ্চায়তৰে গঠিত মণ্ডল সমিতিখনৰ প্ৰায় তিনি শতাধিক কাৰ্য-কৰ্তাই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।
ইফালে, মণ্ডল সমিতিৰ সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোলৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে । অনুষ্ঠানটোত নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা পদ্মা ৰামচিয়াৰীৰ লগতে বহু দলীয় নেতা-পালিনেতা উপস্থিত থাকে ।
লগতে পঢ়ক: সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ