ETV Bharat / city

নলবাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব দিব্য কাশী ভব্য কাশীৰ লাইভ

author img

By

Published : Dec 12, 2021, 7:36 PM IST

ঐতিহ্যমণ্ডিত কাশীৰ বিশ্বনাথ ধামৰ স্বকীয়তা সম্পূর্ণ অক্ষত ৰাখি সমগ্ৰ আধ্যাত্মিক তথা সাংস্কৃতিক পৰিৱেশৰ বিকাশ সাধন কৰি ১৩ ডিচেম্বৰ প্ৰধানমন্ত্ৰীয়ে জনতাৰ বাবে মুকলি কৰিব ৷ ইয়াৰ লগত সংগতি ৰাখি দেওবাৰে বিজেপিৰ নলবাৰী জিলা সমিতিয়ে আয়োজন কৰে এখন সংবাদমেলৰ ৷

Divya Kashi Bhavya Kashi
নলবাৰীত ডাঙৰ পৰ্দাত প্ৰদৰ্শিত হ’ব দিব্য কাশী ভব্য কাশীৰ লাইভ

নলবাৰী, 12 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে কাশী ধামৰ উদ্বোধন(Kashi Vishwanath Corridor will be inaugurated by PM) কৰিব ৷ উক্ত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্য মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ লগতে নেতা-মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকিব । কাশী বিশ্বনাথ যাত্ৰা কাৰ্যক্ৰম সম্পৰ্কে বিজেপিৰ নলবাৰী জিলা সমিতিয়ে দেওবাৰে এখন সংবাদমেল আয়োজন কৰি সদৰি কৰে এই কথা ৷

বিজেপিৰ নলবাৰী জিলাৰ সভাপতি মৃগাংক তালুকদাৰে সংবাদমেল দিব্য কাশী ভব্য কাশী(Divya Kashi Bhavya Kashi) লগত সংগতি ৰাখি 9 ডিচেম্বৰত প্ৰভাত সেৱী নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰাৰ কথা ব্যক্ত কৰে ৷ কিন্তু দেশৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱাট(India's first CDS General Bipin Rawat)ৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হোৱাত অনুষ্ঠানটো বাতিল কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ যাৰ বাবে সমিতিয়ে দেওবাৰে নলবাৰী চহৰত এটা সমদল উলিয়াই সত্ৰ শিৱ মন্দিৰ বাকৰিৰ প্ৰাংগণত স্বচ্ছতাৰ অভিযান(Cleanliness drive at Nalbari) ৰূপায়ন কৰে ৷

তালুকদাৰে লগতে চহৰখনৰ প্ৰতিটো মণ্ডলত স্বচ্ছতাৰ অভিযান ৰূপায়ন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে সোমবাৰে দিনৰ 12.30 বজাত প্ৰতিটো মঠ-মন্দিৰত ডাঙৰ পৰ্দাৰ ব্যৱস্থা কৰি এই অনুষ্ঠানৰ লাইভ প্ৰদৰ্শন(BJP Nalbari district organized Live on DKBK) কৰাৰ কথা জানিবলৈ দিয়ে ৷ উক্ত সংবাদমেলত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ লগতে সম্পাদক নন্দলাল সৰকাৰ আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.