ETV Bharat / city

নলবাৰীত দুখনকৈ শিক্ষানুষ্ঠানৰ ভূমি পূজন বিধায়ক অশোক শৰ্মাৰ - বিধায়ক অশোক শৰ্মা

নলবাৰীত দেওবাৰে দুখনকৈ শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজন কৰে বিধায়ক অশোক শৰ্মাই ৷ মুগকুছিত প্ৰস্তাৱিত নলবাৰী বি এড কলেজৰ সমান্তৰালভাৱে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰস্তাৱিত নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ।

নলবাৰীত দুখনকৈ শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন

author img

By

Published : Mar 9, 2020, 2:43 AM IST

নলবাৰী, 9 মাৰ্চ: নলবাৰীৰ মুগকুছিত দেওবাৰে প্ৰস্তাৱিত নলবাৰী বি এড কলেজৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয় ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত জিলাখনৰ মুগকুছিত গড়কাপ্তানি (গৃহ) বিভাগৰ অধীনত নিৰ্মাণ হ'ব লগা প্ৰস্তাৱিত বি এড কলেজখনৰ ভূমি পূজন আৰু আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । বিধায়কগৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, আৰ এছ এছ ৰ উত্তৰ অসম প্ৰান্তৰ সংঘ চালক ড৹ ভূপেশ চন্দ্ৰ শৰ্মাই ।

উল্লেখ্য যে, ৮ কোটি ১৬ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই নলবাৰী বি এড কলেজখন । শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত বি এড কলেজ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ শলাগ লৈছে সকলোৱে ।

নলবাৰীত দুখনকৈ শিক্ষানুষ্ঠানৰ ভূমি পূজন বিধায়ক অশোক শৰ্মাৰ

আনহাতে বিধায়ক শৰ্মাই ঐতিহ্যমণ্ডিত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো প্ৰস্তাৱিত নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে । উল্লেখ্য ৫ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব প্ৰস্তাৱিত নতুন ভৱনটো । দেওবাৰে দুখনকৈ শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজন কৰে বিধায়ক অশোক শৰ্মাই ৷

লগতে চাওক- ‘ফাগুন মহোৎসৱ’ৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.