ৰঙিয়া,18 আগষ্ট: সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ উদ্যোগত আৰু অধ্যয়নং টিউট'ৰিয়েল হোমৰ সহযোগত ৰঙিয়া কলেজত আয়োজন কৰা হয় বঁটা বিতৰণী অনুষ্ঠানৰ (Rangia College Awards ceremony ) । বঁটা বিতৰণী অনুষ্ঠানটোত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা ৬ গৰাকী শিক্ষাৰ্থীক প্ৰয়াত সন্দীপ কলিতা মেধা বঁটা প্ৰদান কৰা হয় (HSLC 2022) ।
অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰি সভাখনৰ আঁত ধৰে সম্পাদক জিতু কাঞ্চনে । সভাত সাংসদ ভুৱনেশ্বৰ কলিতাই প্ৰয়াত পুত্ৰ সন্দীপ কলিতাৰ সোঁৱৰণত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰঙিয়া মহকুমাৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা ৮ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে(Memories of Sandeep Kalita) ।
বঁটাপ্ৰাপ্ত শিক্ষাৰ্থী কেইগৰাকী হৈছে হাইস্কুল শিক্ষান্তত সপ্তম স্থানপ্ৰাপ্ত নিশা শৰ্মা, ডিষ্টিংচন লাভ কৰা ক্ৰমে কৃদীপ কুমাৰ কলিতা, ত্ৰিদীপ দাস আৰু ৰংমন আলী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান লাভ কৰা বেদান্ত শৰ্মা, ডিষ্টিংচন লাভ কৰা হিয়াশ্ৰী পাঠক, অংকিতা শইকীয়া আৰু কাকুলী চক্ৰৱৰ্তী । কৃতি ছাত্ৰ-ছাত্ৰী কেইগৰাকীক গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ১০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয় ।
আনহাতে, কবি মঞ্চৰ বাৰ্ষিক 'প্ৰজ্ঞা ৰত্ন বঁটা' প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট লেখক তথা যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক, বিশিষ্ট লেখিকা ড৹ ৰুণুমী দত্ত ডেকা আৰু শিক্ষাবিদ তথা তুলসীবাৰী বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈক । ইয়াৰ উপৰি বিশিষ্ট সমাজ সেৱক দীনমণি ভাণ্ডাৰ কায়স্থ আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক সেৱা ৰত্ন বঁটা, লেখক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ডেকা, বিশিষ্ট কবি হামিদা বেগম আৰু বিশিষ্টা লেখিকা বেবি সোণোৱাল হাজৰিকাক প্ৰজ্ঞাশ্ৰী বঁটা, সাংবাদিক ফাৰুক হুছেইন, মহেন্দ্ৰ কলিতা আৰু চৈয়দ মোস্তাফা আহমেদক প্ৰজ্ঞা প্ৰহৰী বঁটা প্ৰদান কৰা হয় (Pragya Prohori Award) ।
তদুপৰি,মৰণোত্তৰভাৱে প্ৰয়াত নাট্যকাৰ তৰুণ শইকীয়া, পৰিচালক তথা অভিনেতা ডাঃ জয় বৰা আৰু সাংস্কৃতিক কৰ্মী গৌৰাংগ নাথক কলা ৰত্ন বঁটা প্ৰদান কৰা হয়(Kala ratna award) । উক্ত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা তথা লেখক ভবেন্দ্ৰ নাথ ডেকা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়া, লেখিকা সমাৰোহৰ গৌৰীপ্ৰভা মহন্ত উপস্থিত থাকে(Sankardev Sangha) । অনুষ্ঠানটো পৰিচালনা কৰে মঞ্চৰ সভাপতি জাভেদ জামানে ৷
লগতে পঢ়ক: বহুৰূপী অব্দুল আজিজৰ বিতৰ্ক পুৰাণ Exclusive